ETV Bharat / state

সাংসদ নৱ শৰণীয়াৰ সমৰ্থকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰাৰ্থী শব্দ ৰাভাৰ - Sabda Rabha will take legal action against Naba Saranias Supporters

সাংসদ নৱ কুমাৰ শৰণীয়াৰ অন্ধ ভক্ত তথা একাংশ সমৰ্থকে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰা মন্তব্য কৰে প্ৰাৰ্থী শব্দ ৰাম ৰাভাই  ৷ এই কাৰ্যক তীব্ৰ নিন্দা কৰি অচিৰেই সেই সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বুলি সকীয়াই দিয়ে শব্দ ৰাম ৰাভাই ৷

NABA SARANIA
author img

By

Published : Apr 12, 2019, 9:11 PM IST

কোকৰাঝাৰ,12 এপ্ৰিল : সাংসদ নৱ কুমাৰ শৰণীয়াৰ সমৰ্থক সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ ৷ শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ ৰনেন্দ্ৰ ভৱনত আয়োজিত এক সংবাদ মেলত শব্দ ৰাম ৰাভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াত সাংসদ নৱ কুমাৰ শৰণীয়াৰ অন্ধ ভক্ত তথা একাংশ সমৰ্থকে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্তি কৰিছে বুলি মন্তব্য কৰে ৷

সাংসদ নৱ শৰণীয়াৰ সমৰ্থকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰাৰ্থী শব্দ ৰাভাৰ

শব্দ ৰাম ৰাভাই অভিযোগ কৰা মতে নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ উমান পাই শেহতীয়াকৈ তেওঁৰ সমৰ্থকৰ দ্বাৰা ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই তেওঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে ৷ শব্দ ৰাম ৰাভাই অভিযোগ কৰা মতে 2010 চনত তেওঁ পৃথক বড়োলেণ্ড ৰাজ্য গঠন হোৱাৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰক এখন পত্ৰ প্ৰেৰণ কৰিছিল বুলি ছ'চিয়েল মিডিয়া যোগে নৱ কুমাৰ শৰণীয়াৰ সমৰ্থক সকলে ভুৱা প্ৰচাৰ চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ এই কাৰ্যক তীব্ৰ নিন্দা কৰি অচিৰেই সেই সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব বুলি সকিয়াই দিছে শব্দ ৰাম ৰাভাই ৷ এইবাৰ পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁৰ মূল প্ৰতিদ্বন্দ্বী এবছু সমৰ্থিত প্ৰাৰ্থী ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্ম হ'ব বুলি স্পষ্ট কৰি তৃতীয় স্থানত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্ম থাকিব বুলি ভৱিষ্যতবাণী দি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰিছে শব্দ ৰাম ৰাভাই ৷ আনহাতে বড়ো আৰু অবড়োক লৈ ৰাজনীতি কৰা নৱ কুমাৰ শৰণীয়া এইবাৰ চতুৰ্থ নতুবা পঞ্চম স্থানহে থাকিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে শব্দ ৰাম ৰাভাই ৷

Intro:পৰাজয়ৰ হতাশাত ভূগি ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱা সাংসদ নৱ কুমাৰ শৰণীয়া এন্ড কোম্পানীক গৰিহণা,অপপ্ৰচাৰৰ বিৰুদ্বে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ কংগ্ৰেছ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ

কোকৰাঝাৰ,১২ এপ্ৰিল : পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী শব্দ ৰাম ৰাভাই সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰনীয়াৰ সমৰ্থক সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৱ বুলি হুংকাৰ দিছে ৷

Body:আজি কোকৰাঝাৰ চহৰৰ ৰনেন্দ্ৰ ভৱনত আয়োজিত এক সাংবাদিকমেলত শব্দ ৰাম ৰাভাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছচিয়েল মিডিয়াত সাংসদ নৱ কুমাৰ শৰনীয়াৰ অন্ধ ভক্ত তথা একাংশ সমৰ্থকে তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্তি কৰিছে ৷ ৰাভাই অভিযোগ কৰা মতে নৱ কুমাৰ শৰনীয়াই নিৰ্বাচনত পৰাজয়বৰন কৰাৰ উমান পাই শেহতীয়াকৈ তেওঁৰ সমৰ্থকৰ দ্বাৰা ছচিয়েল মিডিয়াত অপপ্ৰচাৰ চলাই তেওঁঁক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছে ৷ সাংবাদিকৰ আগত শব্দ ৰাম ৰাভাই অভিযোগ কৰা মতে ২০১০ চনত হেনো তেওঁ পৃথক বড়োলেণ্ড ৰাজ্য গঠন হোৱাৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰক এখন পত্ৰ প্ৰেৰন কৰিছিল ৷ ছচিয়েল মিডিয়াযোগে নৱ কুমাৰ শৰনীয়াৰ সমৰ্থক সকলে উক্ত ভুৱা প্ৰচাৰ চলাই বিভ্ৰান্তিৰ সৃষ্টি কৰা কাৰ্যক তীব্ৰ নিন্দা কৰি অচিৰেই সেই সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লৱ বুলি সকিয়াই দিছে শব্দ ৰাম ৰাভাই ৷ এইবেলি পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁৰ মূল প্ৰতিদ্বন্দ্বী এবছু সমৰ্থিত প্ৰাৰ্থী ইউপিপিএলৰ  উৰ্খাও গৌৰা ব্ৰহ্ম হব বুলি স্পষ্ট কৰি তৃতীয় স্থানত বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰানী ব্ৰহ্ম থাকিব বুলি ভৱিষ্যতবানী দি তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰিছে শব্দ ৰাম ৰাভাই ৷

Conclusion:আনহাতে বড়ো আৰু অবড়োক লৈ ৰাজনীতি কৰা নৱ কুমাৰ শৰনীয়া এইবেলি চতুৰ্থ নতুুুুবা পঞ্চম স্থানত গুচি যাব বুলি স্পষ্টকৈ উল্লেখ কৰিছে শব্দ ৰাম ৰাভাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.