গুৱাহাটী 4 অক্টোবৰ: নতুন ৰূপেৰে বিমান যাত্ৰীক আদৰিবলৈ সাজু হৈ উঠিছে দ্বিতীয় বিশ্ব যুদ্ধৰ সাক্ষী ৰূপে পৰিচিত ধুবুৰীৰ ৰূপসী বিমানবন্দৰ ৷ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ বিভাগে প্ৰায় 60 কোটি টকা ব্যয়েৰে পুনঃনিৰ্মান কৰি উলিওৱা এই বৃহৎ চৌহদৰ বিমানকোঠটো অতি সোনকালেই যাত্ৰীৰ বাবে মুকলি কৰাৰ হ'ব বুলি সংশ্লিষ্ট মন্ত্ৰালয়ে জানিবলৈ দিয়ে ।
![Rupshi airport to open soon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9429264_1.jpg)
দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হলেও ধুবুৰী আৰু কোকৰাঝাৰৰ মাজতে থকা ৰূপসী বিমান বন্দৰৰ লগত জড়িত হৈ আছে দ্বিতীয় বিশ্ব যুদ্ধৰ এক ঘটনা বহুল ইতিহাস। প্ৰাপ্ত তথ্য অনুসৰি 1942-43 চনত মাৰ্কিন বায়ুসেনাৰ সমৰ কৌশলৰ অংশ হিচাপে পশ্চিম অসমৰ এই অঞ্চলত এই বিমানবন্দৰ নিৰ্মান কৰা হৈছিল ।
উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ পিছতে 1980 চনৰ পৰা বিমান বন্দৰটোৰ কামকাজ বন্ধ হৈ পৰে। ইয়াৰ পিছতে 2018 চনত কেন্দ্ৰীয় চৰকাৰে যিজনে কানেকটিভিটি স্কীম-উড়ানৰ অধীনত এই বিমানবন্দৰটোৰ পুনৰুদ্ধাৰ অভিযান আৰম্ভ কৰে। 2019 চনৰ 22 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কামৰ শুভাৰম্ভ কৰে আৰু পুনঃনিৰ্মান কাম দ্ৰুতগতিত আগবাঢ়ে।
337 একৰ মাটি কালিৰে আৱৰা এই বিমানবন্দৰত ইতিমধ্যে নিৰ্মান কৰি তোলা হৈছে 3500 বৰ্গ মিটাৰৰ এটা সুবৃহৎ টাৰমিনেল। এই টাৰমিনেলৰ যোগেদি পিক আৱাৰত 200 যাত্ৰীয়ে ভ্ৰমন কৰাৰ বাবে অপেক্ষা কৰিব পাৰিব।
লগতে পঢ়ক: নলবাৰীত পথ দুৰ্ঘটনাঃ আহত 3