ETV Bharat / state

নাঙল মিউজিয়ামলৈ আৰু ট্ৰেক্টৰ-পদুম যাব দিছপুৰলৈ : মন্ত্ৰী হিমন্ত - কোকৰাঝাৰ

শুকুৰবাৰে কোকৰাঝাৰত ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হৈ বিশাল ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এইবেলি নাঙল মিউজিয়ামলৈ আৰু ট্ৰেক্টৰ-পদুম দিছপুৰলৈ যাব ৷ নিৰ্বাচনী ভাষণত এইদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্তই ৷

road-show-of-himanta-biswa-sarma
হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'
author img

By

Published : Apr 2, 2021, 10:45 PM IST

কোকৰাঝাৰ,2 এপ্ৰিল : 30 নং কোকৰাঝাৰ পূৱ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে কোকৰাঝাৰত উপস্থিত হয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কোকৰাঝাৰ সদৰ চহৰৰ শান্তিনগৰৰ হিম্মৎসিংকা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত এইবাৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে মন্ত্ৰী হিমন্তই ।

হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'

নিৰ্বাচনী ভাষণত হিতাধিকাৰীয়ে লোৱা বন্ধন বেংকৰ ঋণ চৰকাৰে ঘূৰাই দিয়া, বিশ্ববিদ্যালয়ৰ ছাত্ৰীক স্কুটী, ল’ৰাক মটৰ চাইকেল দিয়াকে ধৰি কেবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰমোদ বড়োৰ নেৰ্তৃত্বত বিটিটিত শান্তি প্ৰতিষ্ঠা হৈছে আৰু সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যদা, সম উন্নয়নৰ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰি নাঙল মিউজিয়ামলৈ যাব আৰু ট্ৰেক্টৰ-পদুম দিছপুৰলৈ যাব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৈতে বিটিটিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী, বিশ্বজিৎ দৈমাৰী আৰু আন কেইবাগৰাকী নেতাই জীপত উঠি কোকৰাঝাৰ সদৰ চহৰত ৰোড শ্ব’ কৰে । হাজাৰ হাজাৰ সমৰ্থকেৰে পৰিবেষ্টিত হৈ মন্ত্ৰী হিমন্ত বিশ্বই ইউপিপিএল প্ৰাৰ্থীৰ হৈ ৰোড শ্ব' কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : মন্ত্ৰী হিমন্তক নাইট ক্লাৱলৈ পঠিয়াব আজমলে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.