ETV Bharat / state

কোকৰাঝাৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ শুভাৰম্ভণী

author img

By

Published : Jul 31, 2020, 5:11 AM IST

কোকৰাঝাৰ জিলাত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি "ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা" অধীনত বৃহস্পতিবাৰে কৃষকৰ মাজত বিতৰণ কৰা হয় কঠিয়া ৷

কোকৰাঝাৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ শুভাৰম্ভণী
কোকৰাঝাৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ শুভাৰম্ভণী

কোকৰাঝাৰ, 31 জুলাই : কোকৰাঝাৰ জিলাৰ কৃষি বিভাগৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি "ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা" অধীনত কৃষকৰ মাজত বৃহস্পতিবাৰে কঠিয়া বিতৰণ কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভণী কৰে জিলা কৃষি বিভাগৰ বিষয়া হৰি বড়োয়ে ৷

উল্লেখ্য যে, কোকৰাঝাৰৰ জিলাৰ তিনিটা চক্ৰ খণ্ড ক্ৰমে দোতোমা, গোসাঁইগাঁও আৰু বগৰিবাৰীত মুঠ 20 হেক্টৰ মাটিত ধানৰ কঠিয়া লগোৱা হৈছে ৷ বৃহস্পতিবাৰে ইয়াৰে দোতোমা চক্ৰ খণ্ডৰ উত্তৰ ডাঙৰখুটি অঞ্চলৰ কৃষক মাজত বিতৰণ কৰা হয় ৷

জিলা কৃষি বিভাগৰ বিষয়া হৰি বড়োয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, বান পীড়িত কৃষকক সহায় কৰিবৰ বাবেই চৰকাৰ ফালৰ পৰা এই আঁচনি গ্ৰহণ কৰা হৈছে ৷ লগতে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আঁচনিৰ অধীনত কোকৰাঝাৰ কৃষি বিভাগে তিনিটা চক্ৰ খণ্ডত বীজ ফাৰ্ম বনোৱা হৈছিল যাৰ জড়িতে বানপীড়িত বহু কৃষকে লাভৱান হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.