ETV Bharat / state

ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন কৰি বিপদত আজমল

শুকুৰবাৰে কোকৰাঝাৰত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি আৰ এম চিৰ সভাপতি আফজল হক সৰকাৰে বিটিএডিত নিজকে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ত্ৰাণকৰ্তা বুলি ভৱা বদৰুদ্দিন আজমলে বিভাজনৰ ঘৃণনীয় ৰাজনীতিৰে শান্তিৰ বাতাবৰন ঘূৰি অহা বিটিএডিত অশান্তিৰ বিষবাস্প বিয়পোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে৷ ইমানেই নহয় ইউপিপিএল দলক সমৰ্থন জনোৱা এ আই ইউ ডি এফ দলক ধৰ্মীয় সংখ্যালঘু ৰাইজক নিৰ্বাচনৰ নামত বিভান্ত নকৰিবলৈ সকীয়াই দি বিটিএডিত শান্তি,সম্প্ৰীতি আৰু উন্নয়নৰ ধ্বজাৰে সকলো জাতি জনগোষ্ঠীক আকোঁৱালি লোৱা বিপিএফ দলৰ প্ৰাৰ্থীক লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহবান জনাইছে ৷

ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন কৰি বিপদত আজমল
author img

By

Published : Apr 5, 2019, 8:45 PM IST

কোকৰাঝাৰ, ৫ এপ্ৰিলঃ কোকৰাঝাৰ সমষ্টিত এবছু সমৰ্থিত এই পি পি এলৰ প্ৰাৰ্থীক মুকলিকৈ সমৰ্থন আগবঢ়াই বিপদত পৰিছে বদৰুদ্দিন আজমল ।
বিটিএডি অঞ্চলত বসবাস কৰা বিশেষকৈ ধৰ্মীয় সংখ্যালঘূ ৰাইজে বিটিচিৰ শাসনাধিষ্ঠিত বিপিএফ দলৰ চৰকাৰৰ সৈতে থাকি সম্প্ৰদায়টোৰ উন্নয়নৰ কথা চিন্তা কৰাৰ সময়তে এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে ইয়াত থকা ধৰ্মীয় সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কথা চিন্তা নকৰি বিটিচিৰ বাহিৰৰ পৰাই অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক বিপথে পৰিচালিত কৰাৰ যি ফন্দি পাতিছে সেয়া কেতিয়াও হ'বলৈ দিয়া নহব বুলি সকীয়াই দিছে আৰ এম চিৰ সভাপতি আফজাল হক সৰকাৰে ৷ উল্লেখ্য যে, পৃথক বড়োলেণ্ডৰ দাবীৰে আলোড়ন সৃষ্টি কৰা এবছু-ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মক কি কাৰণত সমৰ্থন আগবঢ়ালে সেয়া ৰাজহুৱা কৰিবলৈও আহ্বান জনাই সচাঁকৈয়ে যদি বিটিচিৰ মুছলমান লোকৰ মংগল বিচাৰে তেন্তে ইউ পি পি এলৰ প্ৰতি থকা সমৰ্থন উঠাও ল'বলৈ দাবী উত্থাপন কৰে আৰ এম চিৰ সভাপতিগৰাকীয়ে ৷

ইউ পি পি এলৰ প্ৰাৰ্থীক সমৰ্থন কৰি বিপদত আজমল

আনহাতে বড়ো আৰু অবড়োৰ নাম লৈ ৰাজনীতি কৰা সাংসদ নৱ কুমাৰ শৰনীয়াকো ক্ষুৰধাৰ সমালোচনা কৰি সাংবাদিকমেলত আৰএমচিৰ সভাপতি আফজাল হক সৰকাৰে বিটিচিৰ মুছলমান ৰাইজে তেওঁৰ প্ৰতি মোহভঙ্গ হৈছে বুলি দাবী কৰি নৱ কুমাৰ শৰনীয়াক এজন অপৰিপক্ক নেতা আখ্যা দিয়ে ৷ আজিৰ সাংবাদিকমেলত আৰএমচিৰ সাধাৰন সম্পাদক আয়নাল হককে ধৰি কেইবাগৰাকী নেতা উপস্থিত আছিল ৷

Intro:কোকৰাঝাৰ ৫ এপ্ৰিল  : বহু আকৰ্ষনীয় পাঁচ নং কোকৰাঝাৰ লোকসভা সমষ্টিত এইবেলি বিজেপি আৰু অগপ সমৰ্থিত মিত্ৰজোঁটৰ বিপিএফ দলৰ প্ৰাৰ্থীৰ বিপক্ষে থিয় দিয়া এবছু সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থীক মুকলিকৈ এ আই ইউ ডি এফ দলে সমৰ্থন দিয়াকলৈ ক্ষুব্ধ হৈ পৰিছে বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিয়ে ৷

Body:আজি কোকৰাঝাৰত অনুষ্ঠিত এখন সংবাদমেলত আৰএমচিৰ  সভাপতি আফজল হক সৰকাৰে বিটিএডিত ধৰ্মীয় সংখ্যালঘু ৰাইজৰ নিজকে ত্ৰানকৰ্তা বুলি ভৱা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআই ইউ ডিএফ দলৰ কোনো গনভিত্তি নাই বুলি দোঁহাৰি আজমলে সংখ্যালঘু মুছলমান ৰাইজক বিভাজনৰ ঘৃননীয় ৰাজনীতিৰে শান্তিৰ বাতাবৰন ঘূৰি অহা বিটিএডিত অশান্তৰ বিষবাস্প বিয়পাইছে বুলি গুৰুতৰ অভিযোগ তোলে ৷ তেঁও সংবাদমেল যোগে ইউপিপিএল দলক সমৰ্থন জনোৱা এ আই ইউ ডি এফ দলক ধৰ্মীয় সংখ্যালঘু ৰাইজক নিৰ্বাচনৰ নামত বিভান্ত নকৰিবলৈ সকীয়াই দি বিটিএডিত শান্তি,সম্প্ৰীতি আৰু উন্নয়নৰ ধ্বজাৰে সকলো জাতি জনগোষ্ঠীক আকোঁৱালি লোৱা বিপিএফ দলৰ প্ৰাৰ্থীক লোকসভা নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহবান জনাইছে ৷ বিটিএডি অঞ্চলত বসবাস কৰা বিশেষকৈ ধৰ্মীয় সংখ্যালঘূ ৰাইজে বিটিচিৰ শাসনাধিষ্ঠিত বিপিএফ দলৰ চৰকাৰৰ সৈতে থাকি সম্প্ৰদায়টোৰ উন্নয়নৰ কথা চিন্তা কৰাৰ সময়তে এআইইউডিএফ দলৰ সভাপতি বদৰুদ্দিন আজমলে ইয়াত থকা ধৰ্মীয় সংখ্যালঘু ৰাইজৰ উন্নয়নৰ কথা চিন্তা নকৰি বিটিচিৰ বাহিৰৰ পৰাই অঞ্চলটোৰ ধৰ্মীয় সংখ্যালঘু ৰাইজক হেণ্ডেলিং কৰাৰ যি ফন্দি পাতিছে সেয়া কেতিয়াও হবলৈ দিয়া নহব বুলিও সকিয়াই দিছে আৰএমচিৰ সভাপতি আফজাল হক সৰকাৰে ৷ পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীৰে আলোড়ন সৃষ্টি কৰা  এবছু-ইউপিপিএল দলৰ প্ৰাৰ্থী উৰ্খাও গৌড়া ব্ৰহ্মক কি কাৰনত সমৰ্থন আগবঢ়ালে সেয়া ৰাজহুৱা কৰিবলৈও আহ্বান জনাই সচাঁকৈয়ে যদি বিটিচিৰ মুছলমান লোকৰ মঙ্গল বিচাৰে তেন্তে ইউ পি পি এলৰ প্ৰতি থকা সমৰ্থন উঠাও লোৱাৰো দাবী উত্থাপন কৰিছে আৰএমচিৰ সভাপতি গৰাকীয়ে ৷

Conclusion:আনহাতে বড়ো আৰু অবড়োৰ নাম লৈ ৰাজনীতি কৰা সাংসদ নৱ কুমাৰ শৰনীয়াকো ক্ষুৰধাৰ সমালোচনা কৰি সাংবাদিকমেলত আৰএমচিৰ সভাপতি আফজাল হক সৰকাৰে বিটিচিৰ মুছলমান ৰাইজে তেওঁৰ প্ৰতি মোহভঙ্গ হৈছে বুলি দাবী কৰি নৱ কুমাৰ শৰনীয়াক এজন অপৰিপক্ব হেতা আখ্যা দিয়ে ৷ আজিৰ সাংবাদিকমেলত আৰএমচিৰ সাধাৰন সম্পাদক আয়নাল হককে ধৰি কেইবাগৰাকী নেতা উপস্থিত আছিল ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.