ETV Bharat / state

বিশিষ্ট সমাজকৰ্মী মাতলা হেমব্ৰমৰ দেহাৱসান

author img

By

Published : Jul 10, 2020, 9:48 PM IST

৭৬ বছৰ বয়সত বিশিষ্ট সমাজকৰ্মী মাতলা হেমব্ৰমৰ দেহাৱসান । বাৰ্ধক্যজনিত কাৰণতে ইহলীলা সম্বৰণ কৰা বিশিষ্ট সমাজ কৰ্মী গৰাকীৰ বিয়োগত শোকস্তব্ধ হৈছে তেখেতৰ গুণমুগ্ধ সকল । সমাজ কৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগই অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

re known_malta hembrom_demise at balajan
বিশিষ্ট সমাজকৰ্মী মাতলা হেমব্ৰমৰ দেহাৱসান

কোকৰাঝাৰ, ১০জুলাই: বিশিষ্ট সমাজকৰ্মী মাতলা হেমব্ৰম, বালাজান তিনিআলি অঞ্চলৰ প্ৰায়ভাগ অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত এগৰাকী ব্যক্তি আছিল । জীৱিত কালতে নিজেই এক অনুষ্ঠানত পৰিণত হোৱা এইগৰাকী ব্যক্তিয়ে ঐক্য-সম্প্ৰতি-ভাতৃত্ববোধেৰে অঞ্চলটোৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰখাত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল ।

মাতলা হেমব্ৰমৰ মৃত্যুয়ে বালাজান তিনিআলি অঞ্চলৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে তেওঁৰ গুণমুগ্ধই । ১১ জুলাইৰ পুৱা ১১ বজাত খ্ৰীষ্টীয়ান নীতি নিয়মেৰে মাতলা হেমব্ৰমৰ শেষকৃত্য সম্পন্ন কৰা হ'ব । এই গৰাকী আগৰণুৱা ব্যক্তিৰ মৃত্যুৰ বাবে বালাজান বজাৰ সমিতিৰ আহ্বানত ১১ জুলাইত বালাজান তিনিআলিত ১২ ঘণ্টীয়া বন্ধ পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ মৰিগাঁৱৰ বজাৰত চোৰৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.