কোকৰাঝাৰ, 19 জুলাই: দিগন্ত প্ৰসাৰী মেঘৰ মাদলে দিয়ে সজল শাওনৰ বতৰা ৷ সেই মেঘৰ আচ্ছাদন ফালি নামি অহা বাৰিষাৰ বৰষুণে ধৰালৈ কঢ়িয়াই আনে সজীৱতা ৷ শুকান ডালৰ পাতত বৰষুণে সানে সেউজী ৰহণ ৷ যেতিয়া বৰষুণৰ টোপালবোৰত সূৰুযৰ ৰঙীন পোহৰৰ এচেৰেঙা পৰে, পাতবোৰে গাঁথিবলৈ ধৰে এধাৰি মুকুতাৰ মালা ৷ প্ৰকৃতার্থত বাৰিষাৰ বৰষুণজাকে হালধীয়া,সেউজীয়াৰ ৰহণেৰে আঁকে পৃথিৱীৰ নিটোল ছবি ৷ যেন নেদেখাজনৰ নিপুন হাতৰ পৰশেৰে উদ্ভাষিত হৈ পৰে শুৱনি ধৰণী ৷ চুকৰ ভেকুলীকেইটাইও কঢ়িয়াই আনে বাৰিষাৰ আগমনৰ বতৰা ৷ কাগজৰ নাও সজা শৈশৱৰ সোণালী স্মৃতিৰে নষ্টালজিক কৰে এজাক হেঁপাহৰ বৰষুণে ৷ বাৰিষাৰ আগমনৰ লগে লগে কৃষকৰ মনত পোখা মেলিবলৈ ধৰে পথাৰৰ বুকুৰ সোণোৱালী ভৱিষ্যতৰ সপোনে ৷ শাওনৰ পথাৰত সোণগুটি সিঁচাত ব্যস্ত হৈ পৰে গঞা ৰাইজ ৷ বিশেষকৈ অসমৰ গ্ৰামাঞ্চলত বৰষুণে দি যায় এক অনাবিল সুখৰ অনুভূতি ৷
কিন্তু যেতিয়া বাৰিষাই ধাৰণ কৰে কালৰূপ,যেতিয়া এই বাৰিষা ৰূপান্তৰ হয় এক প্ৰাকৃতিক দুৰ্যোগলৈ,তেতিয়াই কৃষকৰ সেই ব্যস্ততাতো যেন এক বিৰাম লগাই সেইজাক বৰষুণেই ৷ ভাঙি চুৰমাৰ কৰে গঞাৰ সপোন ৷ পোহৰ এন্ধাৰ একাকাৰ কৰি বন্যাৰ্তৰ জীৱনলৈ কঢ়িয়াই আনে অনিশ্চয়তা ৷ অসহায় হৈ চাই ৰ'ব লগা হয় বাৰিষাৰ তাণ্ডৱ ৷ হেঁপাহৰ সোণোৱালী শইচৰ সপোন যেতিয়া বাৰিষাৰ বানত বুৰ যাই তেতিয়াই আত্মপ্ৰকাশ ঘটে বৰষাৰ আন এক কল্পনাতীত ৰূপৰ ৷ নিৰাপদ আশ্ৰয়স্থলৰ সন্ধানত দিশহাৰা হৈ পৰে গৃহহাৰা গঞা,তেতিয়াই চৌপাশে শুনিবলৈ পোৱা যায় কিবা এটা হেৰুৱাই পেলাৱাৰ আৰ্তনাদ ৷ মথাউৰি,আশ্ৰয় শিৱিৰ কিম্বা পানীৰ ওপৰৰ চাঙেই যেতিয়া হৈ পৰে বহুতৰে জীৱন সংগ্ৰামৰ থল,তেতিয়াই দেখিবলৈ পোৱা যায় সংহাৰৰ আন এক ৰূপ ৷ বাৰিষাৰ বৰষুণে এনেদৰেই পৃথিৱীলৈ কঢ়িয়াই আনে আশা-নিৰাশাৰ বতৰা ৷
লগতে পঢ়ক: পৰম্পৰাগত জল ব্যৱস্থাপনাৰ প্ৰতি ভাবুকিঃ সংকটত কৃষক