কোকৰাঝাৰ,৪ নৱেম্বৰ: বিটিআৰৰ মুখ্য প্ৰশাসনিক তথা সদৰ চহৰ কোকৰাঝাৰৰ পৰা মাথোঁ ৫-৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত চৰাইখোলা-ছালাকাটি সংযোগী বিধ্বস্ত গড়কাপ্তানি পথৰ দুৰৱস্থাই স্থানীয় জনসাধাৰণক যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগাইছে ৷ যাৰ বাবে শুকুৰবাৰে স্থানীয় অঞ্চলবাসী বাসিন্দা সকলে বাধ্য হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হ’ল(Bad condition of road) ৷ প্ৰতিবাদী ৰাইজে পথ অৱৰোধ আৰু এনটিপিচিৰ ছাই কঢ়িওৱা যান-বাহন আৱদ্ধ কৰি উক্ত পথচোৱা পুনৰ নিৰ্মাণৰ বাবে সজোৰে দাবী উত্থাপন কৰিছে ৷
সংবাদ মাধ্যমৰ আগত প্ৰতিবাদী ৰাইজে জানিবলৈ দিয়ে যে অতি ব্যস্ত চৰাইখোলা-ছালাকাটি সংযোগী গড়কাপ্তানি পথটোৰ অৱস্থা অতি ভয়ানক হৈ পৰিছে(Protest in kokrajhar demanding redevelopment of road) ৷ বিশেষকৈ ছালাকাটিস্থিত এনটিপিচিৰ পৰা দিনে-নিশাই বৃহৎ বৃহৎ বাৰচকীযা, চৈধ্য চকীয়া আৰু ষোল্লচকীয়া ট্ৰাকসমূহে এনটিপিচিৰ অৱশিষ্ট ছাই তথা আন সা-সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলত পকী পথটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰি প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷
ফলত উক্ত পথটো ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু সাধাৰণ যাত্ৰীৰ বাবেও বিপদাপন্ন হৈ পৰিছে(Protest in Kokrajhar demanding repair of road) ৷ তদুপৰি পথচোৱা নিৰ্মাণৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসন আৰু এনটিপিচি কৰ্তৃপক্ষক বাৰম্বাৰ আহ্বান জনোৱা হৈছে যদিও পাঁচমাহ কাল উকলি যোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷
সেয়েহে চৰাইখোলা-ছালাকাটি সংযোগী পথছোৱা অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সূচল কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োলৈ আহ্বান জনাইছ ৷ পথ পুনৰ নিৰ্মাণ নকৰালৈকে পথটোৰে এটিপিচিৰ ছাই কঢ়িওৱা গাড়ী চলাচল কৰিবলৈ দিয়া নহব বুলিও হুংকাৰ প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: Bhaona performed in Morigaon: মৰিগাঁৱত মহাযজ্ঞ শীৰ্ষক অংকীয়া ভাওনা প্ৰদৰ্শন