ETV Bharat / state

Protest in Kokrajhar : পৃথক বড়োলেণ্ডৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদ - BAC ACT 1993

বৃহস্পতিবাৰে প্ৰতিবাদত কঁপিল কোকৰাঝাৰ চহৰ (Protest in Kokrajhar)৷ পৃথক বড়োলেণ্ড গঠনৰ দাবীত সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নামৰ সংগঠনটোৱে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

Protest in Kokrajhar
সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ প্ৰতিবাদ
author img

By

Published : Jan 12, 2023, 4:47 PM IST

সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ প্ৰতিবাদ

কোকৰাঝাৰ, ১২ জানুৱাৰী : ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam) ৷ পৃথক বড়োলেণ্ড গঠনৰ দাবীত পুনৰ উত্তাল হ’ল কোকৰাঝাৰ (Protest in Kokrajhar) ৷ সুদীৰ্ঘ ৩২ টা বছৰৰ মূৰত পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ ৰাজপথত নামিল সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নামৰ সংগঠনটো ৷

সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ উদ্যোগত পৃথক বড়োলেণ্ডৰ দাবীত বৃহস্পতিবাৰে কোকৰাঝাৰ শিশু উদ্যানত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । উল্লেখ্য যে, ১৯৯৩ চনত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ অথবা বিএচি চুক্তিৰ (BAC ACT 1993) পিচতে সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নামৰ সংগঠনটো ভংগ হৈছিল ৷

Protest in Kokrajhar
ৰাজ্যত আকৌ প্ৰতিবাদ

কিন্তু পৃথক বড়োলেণ্ডৰ দাবীত যোৱা ১৮ ডিচেম্বৰত সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ নামৰ সংগঠনটো পুনৰ ভূমিষ্ঠ হয় । ভূমিষ্ঠ হৈয়ে সংগঠনটোৱে পৃথক বড়োলেণ্ডৰ দাবীত বৃহস্পতিবাৰে কঁপাই তোলে কোকৰাঝাৰ চহৰ (Demands of separate state)৷

কোকৰাঝাৰ শিশু উদ্যানত হাতে হাতে প্লে-কাৰ্ড লৈ সংগঠটোৰ শতাধিক সদস্যই ন’ বড়োলেণ্ড ন’ ৰেষ্ট, আমাক বড়োলেণ্ড লাগিবই, আমাৰ দাবী ন্যাৰ্য দাবী, আমাক শান্তি লাগিবই ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ (Protest for Separate State Of Bodoland) ।

লগতে পঢ়ক : Bodoland Community Counseling Centre : কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি

ইপিনে সদৌ বড়ো প্ৰাক্তন ভলন্টিয়াৰ অৰ্গেনাইজেশ্বনৰ সভাপতি ডলিন কুমাৰ ব্ৰহ্মই কয়, ‘‘পৃথক বড়োলেণ্ড অবিহনে বড়ো জনগোষ্ঠীৰ উন্নতি সম্ভৱ নহয় ৷ যাৰ বাবে বুঢ়া বয়সত পৃথক বড়োলেণ্ডৰ বাবে আন্দোলন কৰিবলৈ বাধ্য হৈছো । যিকোনো প্ৰকাৰে অসমৰ পৰা ফালৰি কাটি বড়োলেণ্ড গঠন কৰিব লাগিব । বিএচি, বিটিচি, বিটিআৰ চুক্তিয়ে আশা পুৰণ কৰিব পৰা নাই বড়োসকলৰ’’ ৷

Protest in Kokrajhar
প্ৰতিবাদত কঁপিল কোকৰাঝাৰ চহৰ

বিটিআৰ চুক্তিৰ পিচত বড়োৰ অধিকাৰ খৰ্ব হৈছে বুলি বিস্ফোৰক মন্তব্য কৰি ডলিন কুমাৰ ব্ৰহ্মই কয় যে এই ক্ষেত্ৰত সোণকোষৰ পৰা শদিয়ালৈ সন্তুষ্ট নহয় বড়ো লোকসকল । ইপিনে সংগঠনটোৰ কাৰ্যকাৰী সভাপতি বলদেৱ মুছাহাৰী কয়, ‘‘বিটিআৰ চুক্তি সন্তোষজনক নহ’ল । এই ক্ষেত্ৰত বড়োসকলক নিঃশেষ কৰাৰহে ষড়যন্ত্ৰ চলিছে । বড়োলেণ্ড গঠনৰ সপোন পুৰণ নহ’ল । সেয়ে বড়োলেণ্ড ৰাজ্য গঠন নোহোৱালৈকে এই গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত থাকিব’’ ৷

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীৰ পিচতে সংগঠনটোৱে জিলা উপায়ুক্তৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এখনি স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Demand for Hill state: পৃথক পাহাৰীয়া ৰাজ্য গঠনৰ দাবীৰে আন্দোলনৰ হুংকাৰ চি পি আই এম এল হিলছ পাৰ্টীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.