ETV Bharat / state

Minor Gang Rape in Kokrajhar: ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল কোকৰাঝাৰ

author img

By

Published : May 30, 2022, 10:57 PM IST

১১ টা দল-সংগঠনৰ প্ৰতিবাদতত উত্তাল কোকৰাঝাৰৰ ছালাকাটি (Protest in Kokrajhar) ৷ নাবালিকাৰ লগত অপকৰ্মত লিপ্ত হোৱা যুৱকক ফাঁচীৰ দাবী প্ৰতিবাদকাৰীৰ ৷

Minor Gang Rape in Kokrajhar
ধৰ্ষণকাৰীক ফাঁটীৰ দাবীত উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰ, ৩০ মে’: কোকৰাঝাৰ জিলাৰ ছালাকাটিত এগৰাকী নাবালিকাক ধৰ্ষণৰ(Minor Gang Rape in Kokrajhar) লগতে বিভিন্ন আপত্তিজনক ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰাৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ উক্ত ঘটনাৰ প্ৰতিবাদত তথা দোষীক কঠোৰ শাস্তি বিহাৰ দাবীত সোমবাৰে বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Protest in Kokrajhar)৷

ছালাকাটি কালী মন্দিৰৰ প্ৰাংগণত বড়ো সমাজৰ উদ্যোগত দহটাকৈ দল-সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে, ছালাকাটি আঞ্চলিক বড়ো সমাজৰ উদ্যোগত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি উক্ত অপকৰ্মৰ লগত জড়িত আমিৰ হামজাক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰাৰ লগতে দোষীক ফাঁচি দিয়াৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ধৰ্ণা কাৰ্যসূচীত এবছু, আক্ৰাছু, আছু, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বন, হিন্দীভাষী বিকাশ পৰিষদ, আমছু, এবিএমছু আৰু আৰ এম চিৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ৷

ধৰ্ষণকাৰীক ফাঁটীৰ দাবীত উত্তাল কোকৰাঝাৰ

ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংগঠনকেইটাই ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, ছালাকাটি থানাৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী ১৬ বছৰীয়া নাবালিকাৰ লগত আমিৰ হামজা নামৰ যুৱকজন অপকৰ্মত লিপ্ত হোৱাৰ ঘটনা যোৱা ১২ মে’ত পোহৰলৈ আহিছিল ৷ পাছত ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত ছালাকাটি আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছিল ৷

ইপিনে ঘটনাটো পোহৰলৈ আহাৰ পাছৰে পৰা অভিযুক্ত আমিৰ হামজা পলাতক হৈ আছিল যদিও বিভিন্ন দল-সংগঠনৰ ধাৰাবাহিক হেঁচা তথা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত ১৭ দিনৰ মূৰত দেওবাৰে নিশা আমিৰ হামজাক আৰক্ষীয়ে আটক কৰে ৷

লগতে পঢ়ক: দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.