ETV Bharat / state

UPPL: BTRৰ কাৰ্যবাহী সদস্য় অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে বিজেপিৰ হাইকামাণ্ডক অভিযোগ ইউপিপিএলৰ

author img

By

Published : Jul 16, 2023, 4:17 PM IST

"চৰকাৰ এনেকুৱা বস্তু নহয় যে আঙুলিৰ মূৰত ৰাখি সদায় চলাব পাৰি । আমাৰ চৰকাৰ শান্তি প্ৰক্ৰিয়াৰ পিচত আহিছে আৰু যদি শান্তি নালাগে তেনেধৰণৰ কথাবোৰ ভাবিব পাৰে বা কমেণ্ট কৰিব পাৰে ৷" - প্ৰমোদ বড়ো

UPPL REACTION ON EM ARUP DEY
অৰূপ কুমাৰ দে’ৰ বিৰুদ্ধে বিজেপিৰ হাইকামাণ্ডক অভিযোগ

কোকৰাঝাৰ, ১৬ জুলাই : বিজেপিৰ নেতা তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ই বিজেপিয়ে ইচ্ছা কৰিলে ছেকেণ্ডতে বিটিআৰত চৰকাৰ গঠন কৰিব পাৰে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পিচতেই ইউপিপিএল দলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইউপিপিএলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে বিজেপিৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ক চুপাৰ ই এম আখ্যা দি অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদকলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰিছে ।

সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে লগতে কয় যে অৰূপ কুমাৰ দে'ৰ বক্তব্য চৰকাৰৰ বাবে ভাল নহয় আৰু অৰূপ কুমাৰ দে'ৰ বক্তব্য বিজেপি আৰু ইউপিপিএল দলৰ মিত্ৰতাৰ বাবে ভাল নহয় । অৰূপ কুমাৰ দে'ক কটাক্ষ কৰি ৰাজু নাৰ্জাৰীয়ে কয় যে তেওঁৰ হয়তো উচ্চাকাংক্ষা বাঢ়িছে। তেনেধৰণৰ মন্তব্য দিয়াৰ সলনি স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যগৰাকীয়ে ৰাইজৰ সেৱাত গুৰুত্ব দিয়াটো ভাল বুলি কটাক্ষ কৰে ।

বিজেপি-ইউপিপিএলৰ মিত্ৰতাই হৈছিল বিটিআৰ চুক্তি ৰূপায়ণৰ বাবে আৰু ২০২৫ চনলৈ বিজেপিৰ সতে মিত্ৰতা অব্যাহত থাকিব বুলি মন্তব্যৰে ৰাজু কুমাৰ নাৰ্জাৰীয়ে ২০২৫ চনৰ পিচতো বিজেপিৰ সতে মিত্ৰতা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰিছে ৷

ইপিনে বিটিআৰ প্ৰধান প্ৰমোদ বড়োইও বিটিআৰৰ বিজেপি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কোকৰাঝাৰত সাংবাদিকে এই সন্দৰ্ভত সোধা এক প্ৰশ্নোত্তৰত প্ৰমোদ বড়োই কয় যে, চৰকাৰ এনেকুৱা বস্তু নহয় যে আঙুলিৰ মূৰত ৰাখি সদায় চলাব পাৰি । আমাৰ চৰকাৰ শান্তি প্ৰক্ৰিয়াৰ পিচত আহিছে আৰু যদি শান্তি নালাগে তেনেধৰণৰ কথাবোৰ ভাবিব পাৰে বা কমেণ্ট কৰিব পাৰে ৷ তেনেধৰণৰ পৰিৱেশ আহিলে আলোচনা কৰিম। আমাৰ মূল উদ্দেশ্যে হ'ল সকলো জাতি -জনগোষ্ঠীৰ সমউন্নয়ন , সম অধিকাৰ নিশ্চিত কৰা আৰু চৰকাৰে ৰাইজৰ মংগলৰ স্বাৰ্থত কাম কৰি যাব ।

লগতে পঢ়ক: TYPA President Reacts Over Tribalisation: ছয় জনগোষ্ঠীক একেলগে জনজাতিকৰণৰ মৰ্যদা নিদিলে জ্বলিব অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.