ETV Bharat / state

কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

author img

By

Published : Nov 6, 2020, 9:01 PM IST

কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল ৷ সংবাদমেল সম্বোধন এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷

pressmeet-of-nikhil-bodo-students-union
কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল

কোকৰাঝাৰ, 6 নৱেম্বৰ : কোকৰাঝাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ সংবাদমেল ৷ কোকৰাঝাৰ চহৰৰ বাগানচালি ষ্ট্ৰীট বডোফা হাউচত সংবাদমেল সম্বোধন এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷ বিপিএফ দলে বিটিআৰ নিৰ্বাচনকলৈ বাৰে বাৰে এবছুক লক্ষ্য কৰি আক্ৰমন কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ সংবাদমেলত ৷

দ্বীপেন বড়োই কয় যে, "হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে 'এবছু মানে ইউপিপিএল আৰু ইউপিপিএল মানে এবছু' মিছা কথা ৷ ইউপিপিএল ৰাজনৈতিক দল ৷ এবছুই আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত সমৰ্থনহে জনাইছে ৷ প্ৰতিটো সময়ত বিপিএফ দলে এবছু কৰ্মী আৰু কাৰ্যালয়সমূহক টাৰ্গেট কৰি আহিছে আৰু আক্ৰমণ কাৰ্যও কৰিবলৈ আৰম্ভ কৰিছে ৷ ৰাজ্যৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত অধিক মাত্ৰাত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ দাবী তুলিছে দ্বীপেন বড়োয়ে ৷

লগতে তেওঁ কয় যে, নিৰ্বাচনী প্ৰচাৰৰ নামত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ৰাজ্যত ভাবুকিৰে বিভিন্ন প্ৰকাৰৰ প্ৰচাৰ চলাই আহিছে ৷ লগতে দলটোৱে জাতি-জনগোষ্ঠীৰ মাজত বিভাজন অনাৰ একপ্ৰকাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ আনকি ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ দৰে মিছা অভিযোগ তুলি আহিছে এবছুৰ দৰে ছাত্ৰ সংগঠনৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : আকৌ লাওখোৱাত দেখা পাব গঁড়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.