ETV Bharat / state

নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজ কৰাৰ দাবী - BJSM Press Meet

MP Naba Kumar Sarania : সাংসদ নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজ কৰাৰ দাবী বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ ৷ কোকৰাঝাৰত সংবাদমেল ৷

MP Naba Kumar Sarania
নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজৰ দাবী
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:17 PM IST

বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল

কোকৰাঝাৰ, 18 জানুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ কৰ্তন হ'ব নেকি তাকে লৈ সম্প্ৰতি ব্যাপক চৰ্চা অব্যাহত আছে ৷ তাৰ মাজতে বৃহস্পতিবাৰে কোকৰাঝাৰত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই এক সংবাদমেল আয়োজন কৰি সাংসদ নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ খাৰিজ কৰিবলৈ দাবী উত্থাপন কৰে ৷

সংবাদমেলত বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকাৰী সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে কয় যে 2019 চনৰ পৰাই নৱ কুমাৰ শৰণীয়াৰ জাতিৰ প্ৰমাণ পত্ৰৰ বিৰুদ্ধে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই যুঁজ দি আহিছিল ৷ সেই সময়ত সন্থাৰ সভাপতি জনকলাল বসুমতাৰীয়ে 2019 চনৰ 11 জুন তাৰিখে সাংসদ নৱ কুমাৰ শৰণীয়া প্ৰকৃততে বড়ো-কছাৰীমূলৰ নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ কমিটিলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আৱেদন জনাইছিল ৷ ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত নৱ কুমাৰ শৰণীয়াৰ লিগেচী ডাটা, বিদ্যালয়ৰ ৰেকৰ্ড, শৰণীয়া যে অনুসূচিত জনজাতি নহয় তাৰ তথ্য-পাতি দাখিল কৰিছিল ৷ অৱশেষত ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে ৰিপৰ্ট দাখিল কৰে য'ত নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰীমূলৰ নহয় বুলি উল্লেখ আছে ৷

ইফালে নৱ কুমাৰ শৰণীয়া অনুসূচিত জনজাতিৰ লোক নহয় বুলি দাবী কৰি তেওঁৰ সাংসদ পদ খাৰিজৰ দাবী উত্থাপন কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷ তদুপৰি সাংসদ পদ কৰ্তন হোৱাৰ পিছত সাংসদ হিচাপে বিগত 10 বছৰে লাভ কৰা দৰমহা আৰু সকলো সা-সুবিধা ঘূৰাই দিয়াৰো দাবী কৰে সুৰক্ষা মঞ্চই ৷ অন্যথা সাংসদগৰাকী জেললৈ যাব লাগিব বুলি মন্তব্য কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷ গুবাহাটী উচ্চ ন্যায়ালয়, ৰাজ্যিক পৰ্যায়ৰ কমিটিক ধন্যবাদ জ্ঞাপন কৰি বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ কাৰ্যকৰী সভাপতি আৰু প্ৰাক্তন সাংসদ গৰাকীয়ে সংবাদমেলত যিসকল ট্ৰাইবেল লোক নহয় তেনে লোকক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ চাৰ্টিফিকেট প্ৰদান নকৰিবলৈ ট্ৰাইবেল সংঘৰ প্ৰতি আহ্বান জনাইছে ৷

সংবাদমেলত চানছুমা খুংগুৰ বৈছুমুথিয়াৰীয়ে আৰু কয় যে, চৰকাৰৰ শেহতীয়া নিৰ্দেশমৰ্মে যিসকলৰ পিতৃ-মাতৃ ট্ৰাইবেল চাৰ্টিফিকেট আগতেই পাইছে তাৰ ওপৰত ভিত্তি কৰি নতুন প্ৰজন্মই চাৰ্টিফিকেট পোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি নিৰ্দেশনা দিছে ৷ এই কাৰ্য অতি নিন্দনীয় আৰু চৰকাৰৰ এনে সিদ্ধান্তক কঠোৰ সমালোচনা কৰে তেওঁ ৷

লগতে পঢ়ক : নিজৰ জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া নৱ কুমাৰ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.