ETV Bharat / state

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰাক্তন এনডিএফবি গোটৰ

author img

By

Published : Sep 26, 2020, 11:00 PM IST

বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰীয়ে গম নোপোৱাকৈয়ে বিটিআৰ চুক্তি অনুসৰি স্বায়ত্ব শাসিত পৰিষদত নতুন বড়ো গাঁও অন্তৰ্ভূক্ত আৰু সীমান্ত অঞ্চলৰ অবড়ো গাঁওসমূহ কৰ্তনৰ বাবে ৰাজ্য চৰকাৰে কমিটি গঠন কৰাৰ পাছতে সৰৱ হৈ পৰিছে প্ৰাক্তন এন ডি এফ বিৰ তিনিটাকৈ গোট ৷

Press meet by Ex NDFB teams at Udalguri
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰাক্তন এনডিএফবি গোটৰ

কোকৰাঝাৰ, 26 ছেপ্তেম্বৰ: বিটিআৰ চুক্তি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকাত ক্ষুন্ন প্ৰাক্তন এন ডি এফ বিৰ তিনিটাকৈ গোট ৷ বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰীয়ে গম নোপোৱাকৈয়ে বিটিআৰ চুক্তি অনুসৰি স্বায়ত্ব শাসিত পৰিষদত নতুন বড়ো গাঁও অন্তৰ্ভূক্ত আৰু সীমান্ত অঞ্চলৰ অবড়ো গাঁওসমূহ কৰ্তনৰ বাবে ৰাজ্য চৰকাৰে কমিটি গঠন কৰাৰ পাছতে সৰৱ হৈ পৰিছে গোট তিনিটা ৷ উক্ত বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শনিবাৰে ওদালগুৰিত Coordination Committee for BTC Accord Implementation of EX NDFB ৰ উদ্যোগত এখন সংবাদ মেলৰ আয়োজন কৰে এনডিএফবিৰ তিনি চুক্তি স্বাক্ষৰকাৰী গোটে ৷ সংবাদমেলত বিটিআৰ চুক্তি স্বাক্ষৰকাৰীয়ে গম নোপোৱাকৈ ৰাজ্য চৰাকাৰে কেনেকৈ গাঁও কৰ্তন কৰা আয়োগ বা কমিটি গঠন কৰিলে বুলি প্ৰশ্ন কৰে প্ৰাক্তন এনডিএফবি নেতা ধীৰেন বড়োৱে ৷

উল্লেখ্য যে, বিটিচি পৰিষদীয় নিৰ্বাচনত গণতন্ত্ৰক ৰক্ষা কৰিবলৈ বড়ো বিদ্ৰোহী সংগঠন এন ডি এফ বি, এবছু, ইউ বি পি অ’ , কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত তৃতীয় বড়ো শান্তি চুক্তি অনুসৰি শুকুৰবাৰৰে পৰা বিটিএডিৰ নাম সলনি কৰি বিটিআৰ কৰা হ'ল ৷ বিটিআৰ চুক্তি অনুসৰি এই স্বায়ত্ব শাসিত পৰিষদত নতুন বড়ো গাঁও অন্তৰ্ভূক্ত আৰু সীমান্ত অঞ্চলৰ অবড়ো গাঁওসমূহ কৰ্তনৰ বাবে প্ৰাক্তন প্ৰশাসনিক বিষয়া পিপি বাৰ্মাৰ নেতৃত্বত চাৰিজনীয়া আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিলে ৰাজ্য চৰকাৰে ৷ কিন্তু এই আয়োগক লৈ এতিয়া চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে এনডিএফবিৰ তিনি চুক্তি স্বাক্ষৰকাৰী গোটে ৷ প্ৰাক্তন এনডিএফবি নেতা ধীৰেন বড়োৱে বিটিআৰ চুক্তি স্বাক্ষৰকাৰীয়ে গম নোপোৱাকৈ কেনেকৈ গাঁও কৰ্তন কৰা আয়োগ গঠন হল বুলি প্ৰশ্ন কৰাৰ লগতে এই আয়োগত এন ডি এফ বিৰ প্ৰতিনিধি অন্তৰ্ভূক্ত নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ বিপৰীতে অন্যান্য জনগোষ্ঠীৰ প্ৰতিনিধি অন্তৰ্ভূক্ত কৰাকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেতা জনে ৷ আনহাতে বিগত চাৰি এপ্ৰিলতেই অনুষ্ঠিত হবলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচন সংক্ৰান্তত মত প্ৰকাশ কৰি, বিটিচিত গণতন্ত্ৰৰ হত্যা কৰা হৈছে বুলিও মন্তব্য কৰে ধীৰেন বড়োৱে ৷ উক্ত সংবাদ মেলত ধীৰেন বড়োৰ সতে উপস্থিত থাকে ৰঞ্জন দৈমাৰী আৰু চাওৰাগৌৰা গোটৰ নেতৃত্ব ৷

লগতে পঢ়কঃ সোণোৱালে অসমীয়া জাতিক বিশ্বাস নকৰে:অদিপ কুমাৰ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.