ETV Bharat / state

Bodo Sahitya Sabha Conference: ৰাণী খালাইশ্ৰী পথাৰত বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সম্পূৰ্ণ - বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সম্পূৰ্ণ

২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন ৷ বহিঃৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে পশ্চিমবংগ, ত্ৰিপুৰা, অৰুণাচল, মেঘালয় আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক আৰু বুদ্ধিজীৱী সহ তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই অধিৱেশনত (Preparations for Bodo Sahitya Sabha Conference) ।

Preparations for Bodo Sahitya Sobha Conference
বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সম্পূৰ্ণ
author img

By

Published : Feb 22, 2023, 3:54 PM IST

বড়ো সাহিত্য সভাৰ প্ৰস্তুতি সম্পূৰ্ণ

কোকৰাঝাৰ,২২ ফেব্ৰুৱাৰী: বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনকলৈ সাজু ৰাণী খালাইশ্ৰী পথাৰ ৷ কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত কাইলৈৰ পৰা অৰ্থাৎ ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন ৷ এই উপলক্ষে পাটগাঁৱৰ সৰলভাঙা নৈ’ৰ দাঁতিৰ ৰাণী খালাইশ্ৰী পথাৰত বহিৰাষ্ট্ৰ বাংলাদেশ, নেপালৰ উপৰিও দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী আৰু প্ৰতিনিধিক আদৰিবলৈ সাজু হৈ উঠিছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনস্থলী (Preparations for Bodo Sahitya Sobha Conference) ৷

ইতিমধ্যে অধিবেশনথলীত আটকধুনীয়া মুখ্য তোৰণ, বিশাল সভাগৃহ, ৰভা, প্ৰতিনিধি শিৱিৰ, প্ৰদৰ্শনী-গ্ৰন্থমেলা আৰু সুসজ্জিত অতিথিশালাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে অধিৱেশনথলীৰ চাৰিওফালে প্ৰায় এহেজাৰ তামোল গছ ৰোপণ কৰাৰ লগতে প্ৰান্তে প্ৰান্তে বিভিন্ন খেৰৰ সু-সজ্জিত জিৰণি চৰা নিৰ্মাণ কৰা হৈছে ৷ ভূটানৰ পৰা বৈ অহা সৰলভাঙা নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে এখন বাঁহৰ আটকধুনীয়া দলং ৷ মুঠৰ ওপৰত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনখনক লৈ যেন ন-কইনাৰ দৰে সাজু কৰি তুলিছে সৰলভাঙা নৈৰ পাৰৰ ৰাণী খালাইশ্ৰী পথাৰ (Bodo Sahitya Sobha session to be held in Kokrajhar) ৷

ইফালে অধিৱেশনৰ আগদিনা পৰম্পৰাগত সাজপাৰ পৰিধান কৰা শ শ স্বেচ্ছাসেৱক প্ৰশিক্ষণ দি থকা পৰিলক্ষিত হৈছে ৷ অধিৱেশনত এহেজেৰৰো অধিক স্বেচ্ছাসেৱক নিয়োগ কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ লগতে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি অধিৱেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তিনি হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

বহিঃৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে পশ্চিমবংগ, ত্ৰিপুৰা, অৰুণাচল, মেঘালয় আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী আৰু প্ৰতিনিধিয়েও অধিৱেশনত অংশগ্ৰহণ কৰিব ৷ বড়ো সাহিত্য সভাৰ এই ৬২ সংখ্যক অধিৱেশনতে সভাৰ পুৰণি সমিতিখন ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হ'ব বুলি জানিবলৈ দিছে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ লগতে সকলো ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

লগতে পঢ়ক: Assault on Panchayat Secretary: মাজুলীত হিতাধীকাৰীয়ে কামুৰি হাত চিঙিলে পঞ্চায়ত সচিবৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.