কোকৰাঝাৰ,28 আগষ্ট: হাগ্ৰামা মহিলাৰীক উভতি ধৰিলে UPPL ৰ সভাপতি প্ৰমোদ বড়োয়ে ৷ 2020 চনৰ 27 জানুৱাৰীত এনডিএফবি, এবছু আৰু ইউবিপিঅ’ৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তৃতীয় বড়ো শান্তি চুক্তি হৈছিল, যাক বড়োভূমিত বড়োসকলৰ লগতে আন জনগোষ্ঠীয় লোকে আদৰণি জনাইছিল ৷
এই সময়লৈ ঠিকে আছিল কিন্তু শুকুৰবাৰে প্ৰাক্তন বিটিচি মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিটিআৰ শান্তিচুক্তিৰ ওপৰত "মূল্যহীন, বড়ো জাতিক ধ্বংস কৰিব, বড়ো-অনা বড়োৰ মাজত সংঘাত আনিব" আদি বিস্ফোৰক মন্তব্য কৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়াৰ পিছত অৱশেষত বিটিআৰ চুক্তিৰ মুখ্য সাক্ষী অৰ্থাৎ বৰ্তমানৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োয়ে উভতি ধৰিছে হাগ্ৰামা মহিলাৰীক ৷
কোকৰাঝাৰত সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰমোদ বড়োৱে চুক্তিক কেন্দ্ৰ কৰি হাগ্ৰামা মহিলাৰীয়ে নিজৰ গাদী হেৰুওৱাৰ ভয় খোৱাৰ লগতে মানসিক ভাৰসাম্য হেৰুৱাইছে বুলি অভিযোগ উত্থাপন কৰে ৷ ৰাজনৈতিক খেলৰ বাবে হাগ্ৰামা মহিলাৰী আৰু সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিআৰ চুক্তিত বড়ো আৰু অনা বড়োৰ মাজত সংঘাত হ’ব বুলি ঘৃণনীয় প্ৰচাৰ চলাবলৈ ধৰিছে বুলি অভিযোগ কৰে প্ৰমোদ বড়োৱে ৷
লগতে চাওকঃ এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ