ETV Bharat / state

হিমন্তক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান প্ৰমিলাৰাণীৰ - 30 নং কোকৰাঝাৰ পূৱ জনজাতি সমষ্টি

বাহুবল, ধনবল পৰিত্যাগ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ ৷ মন্ত্ৰী ড৹ শৰ্মাৰ পাছতে কোকৰাঝাৰত বিশাল ৰোড শ্ব' ৰে শক্তি প্ৰদৰ্শন কৰি এই আহ্বান মন্ত্ৰী ব্ৰহ্মৰ ৷ এইবাৰৰ নিৰ্বাচনত বিজয় লাভক লৈ নিশ্চিত মন্ত্ৰী তথা বিপিএফ প্ৰাৰ্থী গৰাকী ৷

pramilarani brahma road show at kokrajhar
হিমন্তক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান প্ৰমিলা ৰাণীৰ
author img

By

Published : Apr 4, 2021, 7:23 AM IST

কোকৰাঝাৰ,4 এপ্ৰিল: ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত আৰু মাথো দুটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে বিপিএফৰ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ পূৱ কোকৰাঝাৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে 30 বছৰ ধৰি বিধায়িকা তথা মন্ত্ৰীৰ আসন অলংকৃত কৰা ব্ৰহ্মই পুনৰ এবাৰ জিকিবলৈ আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

শনিবাৰে মন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা খেলপথাৰৰ পৰা ৰোড শ্ব' ৰে চহৰখন পৰিভ্ৰমণ কৰি ভোটাৰ ৰাইজক আকৃষ্ট কৰাৰ চেষ্টা কৰে ৷ উল্লেখ্য যে, মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই 30 নং কোকৰাঝাৰ পূৱ (জনজাতি) সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰীৰ হৈ চহৰখনত বিশাল ৰোড শ্ব' উলিয়াই মিত্ৰজোঁটৰ শক্তি প্ৰদৰ্শন কৰিছিল ৷ ইয়াৰ বিপৰীতে সমষ্টিটোৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মই শনিবাৰে ৰোড শ্ব' বাহিৰ কৰি শক্তি প্ৰদৰ্শন কৰে ৷

বিপিএফ দলে বিটিআৰ অঞ্চলত অধিক সংখ্যক আসন লাভ কৰিব : প্ৰমিলাৰাণী ব্ৰহ্ম

ইয়াৰ মাজতে ৰোড শ্ব' বাহিৰ কৰাৰ পূৰ্বে ব্ৰহ্মই নিজৰ বিজয় নিশ্চিত বুলি দাবী কৰাৰ লগতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধনবল, বাহুবল পৰিত্যাগ কৰি এগৰাকী ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান জনায় ৷ তেওঁ কয় যে, বিগত বিটিআৰৰ নিৰ্বাচনতো হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী তথা বিপিএফ দলক পৰাজিত কৰাৰ বাবে চেষ্টা কৰিছিল যদিও নোৱাৰিলে ৷ ঠিক একেদৰে এই বিধানসভা নিৰ্বাচনতো মন্ত্ৰী ড৹ শৰ্মাই একে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হ'ব ৷

বিধানসভা নিৰ্বাচনত বিপিএফ দলে বিটিআৰ অঞ্চলত অধিক সংখ্যক আসন লাভ কৰিব বুলি দাবী কৰাৰ লগতে ইউপিপিএলৰ প্ৰাৰ্থী লৰেঞ্চ ইছলাৰী সম্পৰ্কে সাংবাদিকে জানিব বিচৰাত ব্ৰহ্মই কয় যে, "লৰেঞ্চ মোৰ পুত্ৰৰ বয়সৰ হয় ৷ তেওঁ যুঁজিছে, যুঁজক ৷ তাত মোৰ ক'বলগীয়া নাই ৷ কিন্তু তেওঁ নিজিকে" ৷

উল্লেখ্য যে, প্ৰমিলাৰাণী ব্ৰহ্মৰ ৰোড শ্ব'ত বিটিআৰৰ নিৰ্বাচিত সদস্য তথা কোকৰাঝাৰ জিলা বিপিএফৰ সভাপতি দেৰহাছাৎ বসুমতাৰী, যুৱ বিপিএফৰ নেতা প্ৰহ্লাদ বসুমতাৰীকে ধৰি দলটোৰ কেইবাগৰাকীও নেতৃবৃন্দ আৰু সহস্ৰাধিক বিপিএফৰ কৰ্মী- সমৰ্থকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.