কোকৰাঝাৰ, ১৫ জুলাাই: বুধবাৰে কোকৰাঝাৰত উপস্থিত হৈ দলীয় কৰ্মকৰ্তাৰ সৈতে এখন বৈঠকত মিলিত হয় অগপ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । গোৱালপাৰা আৰু ধুবুৰী জিলা পৰিভ্ৰমণৰ অন্তত কোকৰাঝাৰত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই,সংবাদ মাধ্যমৰ আগত অখিল গগৈক আবদ্ধ কৰি ৰাখিলেই ন্যায্য দাবীসমূহ নাইকিয়া হৈ নাযায় বুলি মন্তব্য কৰে ।
ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পাচতো ভিন্ন অভিযোগেৰে তেওঁলোকক কাৰাবন্দী কৰি ৰখা হৈছে বুলি মন্তব্য কৰি,কৃষক নেতা গৰাকী লগতে তেওঁৰ সতীৰ্থ সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈও আহ্বান জনায় অগপৰ জ্যেষ্ঠ নেতাগৰাকীয়ে । এই ক্ষেত্ৰত চৰকাৰ সচেতন হোৱা উচিত বুলি উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই ।
লগতে পঢ়ক: বানাক্ৰান্তলৈ ৰকিবুল-গৌৰৱে আনিলে চানা-পপকৰ্ণ