কোকৰাঝাৰ, 23 জুলাই: ৰাজ্যপাল শাসন চলি থকা বিটিচি দুৰ্নীতিমুক্ত কৰাৰ কথা কৈ থকাৰ সময়তে এতিয়া ব্যাপক হাৰত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে বিটিএডি অঞ্চলত। এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগ মতে, কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভোটগাও কাচিপাৰা পৰা মলানডুবি সংযোগী পকী পথৰ মাজত আৰ চি চি দলঙ নিৰ্মাণ কৰাত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । কাৰণ দলং নিৰ্মাণৰ কাম সম্পন্ন নৌহতেই এতিয়া দলঙৰ দুয়োফালৰ অংশত মেলিছে চিৰাল ফাট ।
লগতে সেয়াই নহয় দলঙখনৰ দুয়োটা অংশও ক্ৰমাৎ তললৈ নামি পৰিছে । স্থানীয় ৰাইজে দলংখন ভালকৈ বনাই দিব লাগে বুলি পূৰ্বেই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ মনিৰাজ ব্ৰহ্মা তথা তেওঁৰ সহযোগীক প্ৰথমেই স্পষ্টকৈ সকিয়াই দিছিল । সেই সময়ত দলংখন ভালকৈ নিৰ্মাণ কৰা আশ্বাস প্ৰদান কৰিছিল যদিও নিৰ্মাণ কাৰ্যত দেখা গ’ল চৰম গাফিলতি । ফলত সংবাদ মাধ্যমৰ আগত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।
অতি নিম্নমানৰ দলং নিৰ্মাণ কৰা ঠিকাদাৰ মনিৰাজ ব্ৰহ্মাই পুনৰ দলংখন নিৰ্মাণ কৰি নিদিলে আৰক্ষীৰো সহায় ল’বলৈ বাধ্য হ’ব বুলি সকীয়নি প্ৰদান কৰে স্থানীয় ৰাইজে ৷ লগতে তেনে দুৰ্নীতিকাৰী ঠিকাদাৰৰ লাইচেঞ্চও ব্লেকলিষ্ট কৰিবলৈ দাবী জনায় ।
আনহাতে আক্ৰাছুৰ এগৰাকী কৰ্মীয়ে ঠিকাদাৰৰ ওপৰত কঠোৰ ভাষাৰে সমালোচনা কৰি অতিকৈ নিম্নমানৰ দলং নিৰ্মাণ কৰি লুন্ঠন কৰা ঠিকাদাৰে অতি শীঘ্ৰে দলংখন পুনৰ নিৰ্মাণ কৰি নিদিলে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সাজু আৰু প্ৰতিবাদৰ সময়ছোৱাত অঘটন ঘটিলে প্ৰশাসনৰ জগৰীয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷
লগতে চাওক-ৰঙিয়াত ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব মুখ্যমন্ত্ৰী : আছু