ETV Bharat / state

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

author img

By

Published : Apr 5, 2021, 8:09 PM IST

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন ৷ কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে পূৱ কোকৰাঝাাৰ, পশ্চিম কোকৰাঝাৰ আৰু গোসাইগাওঁ বিধানসভা সমষ্টিত মঙলবাৰে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ইতিমধ্যে প্ৰিজাইডিং বিষয়া, প’লিং বিষয়াসকলে ই ভি এমসহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ তথা গন্তব্য স্থানলৈ ৰাওনা হৈছে ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰাঝাৰ জিলা প্ৰশাসন

কোকৰাঝাৰ, ৫ এপ্ৰিল: তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈছে কোকৰাঝাৰ জিলা প্ৰশাসন । কোকৰাঝাৰ জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে পূৱ কোকৰাঝাাৰ, পশ্চিম কোকৰাঝাৰ আৰু গোসাইগাওঁ বিধানসভা সমষ্টিত মঙলবাৰে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । ইতিমধ্যে প্ৰিজাইডিং বিষয়া তথা প’লিং বিষয়াসকলে নিজ নিজ দায়িত্বত থকা ই ভি এম সমূহ নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰ তথা গন্তব্য স্থানলৈ ৰাওনা হৈছে ।

ক’ৰণাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ই ভি এমৰ উপৰিও ক’ৰণা কিট অৰ্থাৎ পি পি ই কিট, ফেইছচিল্ড, চেনিটাইজাৰ, মাস্ক, গ্ল’ভচ সহ আন আন সামগ্ৰী কঢ়িয়াই নিবলগীয়া হৈছে । উল্লেখ্য যে, কোকৰাঝাৰৰ তিনিওটা সমষ্টিৰ ভিতৰত পূৱ কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ'ল ১,৮৩,৯৯৩ গৰাকী ।

ইপিনে কোকৰাঝাৰ জিলা ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, পূৱ কোকৰাঝাৰ সমষ্টিত 280 টা প’লিং ষ্টেচন আছে ৷ ইয়াৰে 59 টা প’লিং ষ্টেচন অতি স্পৰ্শকাতৰ আৰু উক্ত প’লিং ষ্টেচন সমূহত এক চেকচনকৈ অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষীয়ে পহৰা দিব ।

জিলাখনৰ তিনিওটা বিধানসভা সমষ্টি ক্ৰমে পূৱ কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ আৰু গোসাঁইগাওঁ বিধানসভা সমষ্টিক সাঙুৰি মুঠ 134 টা জটিল, 169 টা অতি স্পৰ্শকাতৰ, 409 টা স্পৰ্শকাতৰ আৰু তুলনামুলক ভাৱে নিৰাপদ 403টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷

তেনেদৰে তিনিটা সমষ্টিক 51টা স্থানত বিভক্ত কৰাৰ উপৰিও 23টাকৈ ছেক্টৰ আৰু 5 টা মণ্ডলত বিভক্ত কৰা হৈছে ৷ তদুপৰি তিনিওটা বিধানসভা সমষ্টিৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত ৮৪টা ভোটগ্ৰহণ কেন্দ্ৰ আছে ৷ উক্ত ভোট গ্ৰহণ কেন্দ্ৰসমূহত সশস্ত্ৰ বাহিনীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি সদৰী কৰিছে ৰিটাৰ্ণিং বিষয়া ভাস্কৰ ফুকনে ৷

লগতে পঢ়ক: ভোটাৰ আছিল 90 গৰাকী, ভোট দিলে 181 গৰাকীয়ে : ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.