কোকৰাঝাৰ, ১৪ আগষ্ট: বিহাৰৰ ৰাজধানী পাটনাত অহা ১ ছেপ্তেম্বৰৰ পৰা ৪ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব ৪৮ সংখ্যক মহিলাৰ ২০ বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় কাবাদী চেম্পিয়নশ্বীপ-২০২২(National kabaddi championship 2022)৷ উক্ত প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ কোকৰাঝাৰত খেলুৱৈৰ বাছনি শিবিৰ আৰম্ভ হৈছে (Player selection camp in Kokrajhar)৷
কোকৰাঝাৰ চহৰস্থিত জিলা ক্ৰীড়া সন্থাৰ ইণ্ড’ৰ ষ্টেডিয়ামত অসম কাবাদী সন্থা(Assam Kabaddi Association) আৰু কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰম্ভ হৈছে উক্ত বাছনি শিবিৰ ৷ বাছনি শিবিৰত উপস্থিত থকা অসম ৰাজ্যিক কাবাদী সন্থাৰ সাধাৰণ সম্পাদক তথা অসম অলিম্পিক সন্থাৰ উপ-সভাপতি আলোক ত্ৰিপাঠীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বাছনি শিৱিৰটোত অসমৰ ২৩ খন জিলাৰ ৫৬ গৰাকী কাবাদী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷
উক্ত ৫৬ গৰাকী খেলুৱৈৰ ভিতৰত ১৫ গৰাকী খেলুৱৈক অসম দলক প্ৰতিনিধিত্ব কৰিব পৰাকৈ বাছনি কৰা হ’ব বুলিও ত্ৰিপাঠীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: সুদূৰ আফ্ৰিকাৰ যুৱক নামিল অসমৰ পথাৰত