ETV Bharat / state

কোকৰাঝাৰ ধুবুৰী সীমান্তত তীব্ৰ উত্তেজনা - Public protest in Kokrajhar

কোকৰাঝাৰৰ সীমান্তৱৰ্তী তথা ধুবুৰী জিলাৰ অন্তৰ্গত টিলাপাৰত ভূমি খালি কৰাৰ বাবে প্ৰশাসনৰ নিৰ্দেশনাকলৈ কোকৰাঝাৰ-ধুবুৰী সীমান্তত তীব্ৰ উত্তেজনা ৷ সাংসদ বদৰুদ্দিন আজমল আৰু বিধায়ক ছামছুল হুদা মুৰ্দাবাদ ধ্বনি দি ৰাইজৰ তীব্ৰ প্ৰতিবাদ (People protest at Dhubri border in Kokrajhar) ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধেও ৰাইজৰ প্ৰতিবাদ ৷ বিকল্প মাটি আৰু ঘৰ বনাই নিদিলে ভূমি খালি নকৰাৰ হুংকাৰ ৰাইজৰ ৷

people angry over eviction
কোকৰাঝাৰ ধুবুৰী সীমান্তত তীব্ৰ উত্তেজনা
author img

By

Published : Aug 23, 2022, 10:56 PM IST

কোকৰাঝাৰ,২৩ আগষ্ট: কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী তথা ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত টিলাপাৰা খুদীগাঁৱ খণ্ড ২ ত APDCL ৰ অধীনত সৌৰ প্ৰকল্পৰ মাটি আৱন্টনৰ নামত অঞ্চলটোৰ চৰকাৰী ভূমিত বসবাস কৰা ৰাইজক ভূমি খালি কৰাৰ নিৰ্দেশ দিছিল প্ৰশাসনে (Order for eviction)৷ ইয়াকে লৈ কোকৰাঝাৰ-ধুবুৰী সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ (People protest at Dhubri border in Kokrajhar) ৷

দীৰ্ঘদিন ধৰি বসবাস কৰি অহা গাঁওখনত চাৰে তিনি হেজাৰ ধৰ্মীয় সংখ্যালঘু পৰিয়ালক যোৱা তিনিদিন ধৰি প্ৰশাসনে ভূমি ত্যাগ তথা ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়াক লৈ মঙলবাৰে টিলাপাৰাত তীব্ৰ প্ৰতিবাদত নামি পৰিল সহস্ৰাধিক গঞা ৰাইজ (Public protest in Kokrajhar) ৷ আনকি প্ৰতিবাদী গঞাই ধুবুৰীৰ সাংসদ বদৰউদ্দিন আজমল আৰু বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুলা হুদা আৰু বিজেপি চৰকাৰ বিৰুদ্ধে শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protests against BJP govt) ৷

গাঁওবাসীৰ অভিযোগ, প্ৰশাসনে উচ্ছেদৰ পূৰ্বে তেওঁলোকক থাকিবলৈ বিকল্প মাটি আৰু ঘৰ বনাই দিয়ক । অন্যথা তেওঁলোকে নিজৰ ভূমি ত্যাগ নকৰে ৷ আনহাতে বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ বিধায়ক ছামছুল হুদা আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সমস্যা জৰ্জৰিত দুৰ্ভগীয়া লোকসকলৰ কোনোধৰণৰ খা-খবৰ নোলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

কোকৰাঝাৰ ধুবুৰী সীমান্তত তীব্ৰ উত্তেজনা

ইতিমধ্যে টিলাপাৰা গাঁৱত সৌৰ প্ৰকল্পৰ নামত বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া আৰু মতিউৰ মণ্ডলে অঞ্চলটোৰ জাহাংগীৰ আলম, ছাহাজামাল মণ্ডল, আব্দুল মতিন, আব্দুল হামাত আৰু জেহান আলী নামৰ গঞাৰে মিলি এখন সমিতি গঠনৰে উচ্ছেদত নেতৃত্ব দিয়া বুলি গুৰুতৰ অভিযোগো উত্থাপন কৰে গাওঁবাসীয়ে ৷ তদুপৰি লোকে বহু লোকৰ ঘৰ ভাঙি দিয়া বুলি ৰাইজে অভিযোগ কৰিছে ৷

উল্লেখ্য যে, প্ৰশাসনে যিকোনো সময়তে উচ্ছেদ চলোৱাৰ শংকাত অঞ্চলটোৰ বহু পৰিয়ালে নিজাববীয়াকৈ নিজৰ ঘৰ-দুৱাৰ ভাঙি তথা ঘৰৰ মূল্যবান সা-সামগ্ৰীসমূহ সুৰক্ষিত স্থানত ৰখা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে ১০০০০ কোটি টকা ধাৰ্য কৰাৰ কথা প্ৰকাশ শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.