ETV Bharat / state

Pathar divas in Kokrajhar : এপাৰ্টৰ উদ্যোগত কোকৰাঝাৰত পথাৰ দিৱস উদযাপন - Naren Chandra Basumatary

কোকৰাঝাৰ জিলাত কৃষকসকলৰ মাজত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পথাৰ দিৱস উদযাপন কৰা হয় (Pathar divas in Kokrajhar)৷ কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত পথাৰ দিৱসৰ সতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা কৰা হয় ৷

Pathar divas in Kokrajhar
এপাৰ্টৰৰ উদ্যোগত কোকৰাঝাৰত পথাৰ দিৱস উদযাপন
author img

By

Published : Dec 7, 2022, 8:01 PM IST

কোকৰাঝাৰ, ৭ ডিচেম্বৰ : কোকৰাঝাৰ জিলা কৃষি বিষয়া আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ এপাৰ্টৰ(Agribusiness and Rural Transformation Project) যৌথ উদ্যোগত বুধবাৰে কোকৰাঝাৰ জিলাত কৃষক সকলৰ মাজত দিনজোৰা কাৰ্যসূচীৰে পথাৰ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে বুধবাৰে কোকৰাঝাৰৰ নিকৰ্টৱৰ্তী মনছোৰ গাঁৱত কোকৰাঝাৰ জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজিত হোৱা পথাৰ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা কৰা হয় (Pathar divas in Kokrajhar)৷

Pathar divas in Kokrajhar
কোকৰাঝাৰত পথাৰ দিৱস উদযাপন

অনুষ্ঠানত ন ন পদ্ধতিৰে কৃষিকাৰ্য সম্পন্ন কৰি কৃষকসকল কেনেদৰে উপকৃত হ'ব পাৰে সেই সন্দৰ্ভত আলোচনা কৰাৰ লগতে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সন্দৰ্ভত কৃষক ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰোপৰি কৃষিকাৰ্যত যন্ত্ৰ-পাতিৰ ব্যৱহাৰে সময় আৰু শ্ৰম ৰাহি কৰাত কিদৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কেও কৃষক ৰাইজক অৱগত কৰোৱা হয় ।

Pathar divas in Kokrajhar
কোকৰাঝাৰত পথাৰ দিৱস উদযাপন

অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ জলৈ, মুগানি থান্দৈ, সৌমখৰকে ধৰি পাচটা এফ ই চিৰ কৃষক বন্ধু সদস্যৰ উপস্থিতিত এপাৰ্টৰ অধীনস্থ ৰাইচ মিল, যন্ত্ৰৰ সহায়ত ধান চপোৱা ,মৰনা মৰা, ধান কটাসহ ছয়টাকৈ কৃষি সা-সজুলিৰ প্ৰদৰ্শন কৰা হয় ৷ ইপিনে পথাৰ দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে কোকৰাঝাৰ জিলাত সৰ্বাধিক লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰি তেওঁ অহা অসম বিধানসভাৰ শীতকালীন অধিৱেশনথলীত কোকৰাঝাৰত এখন কৃষি মহাবিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিব বুলি জনায় ৷

Pathar divas in Kokrajhar
কোকৰাঝাৰত পথাৰ দিৱস উদযাপন

অনুষ্ঠানত কৃষি সঞ্চালক বিনোদ মুছাহাৰী, বিটিআাৰ ভাৰপ্ৰাপ্ত সচিব নৰেন চন্দ্ৰ বসুমতাৰী(Naren Chandra Basumatary), এডিচি ওৱাদিল ইছলাম, কৃষি উন্নয়ন বিষয়া মুনীন দাস, কৃষি বিষয়া ৰাকেশ কাশ্যপ আৰু আব্দুৰ জামান আৰু ড৹ ৰহিত নন্দিও উপস্থিত থাকে ৷

লগতে পঢ়ক : Bridge over Pagladia river : 75 বছৰীয়া অভাৱ দূৰ কৰাৰ উদ্দেশ্যে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.