কোকৰাঝাৰ,2 জুলাই: কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰৰ খয়েৰঘুটু গাঁৱত বুধবাৰে সংঘটিত হয় এক কৰুণ ঘটনা ৷ বজ্ৰপাত পৰি এগৰাকী ছাত্ৰসহ নিহত হয় এহাল বলধ গৰু ৷
অন্য দিনৰ দৰে বুধবাৰেও ষ্টিফেন মাৰ্ডীৰ পুত্ৰ ৰাজেশ মাৰ্ডী (১৬)য়ে খেতি পথাৰত হাল বাই থাকোতেই আকস্মিক বজ্ৰপাত পৰাৰ ফলত যুৱকজনৰ লগতে ঘটনাস্থলীতে মৃত্যু হয় বলধ হালৰ ৷
উল্লেখ্য যে,দুখীয়া পৰিয়ালৰ যুৱকজন সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈ অঞ্চলত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল | ছাত্ৰ গৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত এতিয়া শোকৰ ছাঁ পৰিছে ।
লগতে চাওকঃ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি