ETV Bharat / state

কুকুৰা চোৰ কৰিবলৈ গৈ প্ৰাণ গ’ল যুৱকৰ ! কোকৰাঝাৰত অঘটন

author img

By

Published : Oct 26, 2019, 11:45 PM IST

বিদ্যুৎপৃষ্ট হৈ প্ৰাণ গল এজন যুৱকৰ । কোকৰাঝাৰ জিলাৰ বালাজান আৰক্ষী চকীৰ অন্তৰ্গত নিউ আমগুৰি গাঁৱত এই ঘটনা । কুকুৰা চোৰ কৰিবলৈ গৈ মৃত্যু ছুনা হেম্ভ্ৰম (30) নামৰ যুৱকজনৰ ৷

কোকৰাঝাৰত অঘটন

কোকৰাঝাৰ, 26 অক্টোবৰ: কোকৰাঝাৰত অঘটন ৷ বাবুৰাম কোচৰ ঘৰত কুকুৰা চোৰ কৰিবলৈ গৈ মৃত্যু ছুনা হেম্ভ্ৰম নামৰ এজন যুৱকৰ ৷ প্ৰাপ্ত তথ্য মতে বাবুৰাম কোচৰ পৰিয়ালটো দীৰ্ঘদিন ধৰি মূৰ্গীৰ ব্যৱসায় কৰি আহিছিল। পৰিয়ালটোৱে বজাৰৰ পৰা কুকুৰা কিনি আনি প্ৰথমে ঘৰত ৰাখি পিছত বিক্ৰী কৰে ৷

কোকৰাঝাৰত অঘটন

কিন্তু কুকুৰাবোৰ প্ৰায়ে চুৰ হোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল পৰিয়ালটো ৷ শিয়াল বা কুকুৰজাতীয় প্ৰাণীয়ে কুকুৰাবোৰ ভক্ষণ কৰাৰ সন্দেহ প্ৰকাশ কৰি কুকুৰা ৰখা ঠাইৰ চাৰিওপিনে বিদ্যুৎ পৰবাহী তাঁৰ সংযোগ কৰি থৈছিল কোচ পৰিয়ালটোৱে । অৱশেষত শনিবাৰে পুৱা সেই তাঁৰত লাগি কুকুৰা চুৰ কৰিবলৈ আহি বিদ্যুৎপৃষ্ট হৈ মৃত্যুবৰণ কৰে এজন যুৱকে ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ইপিনে বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচে ঘটনা সন্দৰ্ভত কুকুৰা চোৰ কৰিবলৈ গৈয়ে যুৱকজন মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ।

Intro:কোকৰাঝাৰত মূৰ্গী চোৰ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে যুৱকে ।

মূৰ্গী চোৰ কৰিবলৈ গৈ অৱশেষত বিদ্যুতপিষ্ট হৈ এজন যুৱকে প্ৰাণ হেৰুৱাই। এই ঘটনাতো হৈছে কোকৰাঝাৰ জিলা বালাজান আৰক্ষী চুকীৰ অন্তৰ্গত নিউ আমগুৰি গাঁওত। ছুনা হেম্ভ্ৰম (30) নামৰ এজন যুৱকে একেখন গাঁওৰ বাবুৰাম কোচৰ ঘৰত মুৰ্গী চুৰ কৰিব যাওতে এই কৰুণ ঘটনাতো ঘুতে।

Body:প্ৰাপ্ত তথ্য মতে বাবুৰাম কোচৰ পৰিবাৰে মূৰ্গীৰ বেপাৰ কৰে । সেইসূত্ৰে তেওঁলোক বজাৰৰ পৰা মূৰ্গী কিনি আনি প্ৰথমে ঘৰত ৰাখে আৰু পিছত মূৰ্গীবোৰ বিক্ৰী কৰি দিয়ে । কিন্তু ঘৰত ৰখা মূৰ্গীবোৰ প্ৰায়ে চোৰ হোৱাত তেওঁলোক সমস্যাত পৰে আৰু মূৰ্গীচোৰ ধৰিবলৈ বহু চেষ্ঠা কৰে যদিও বিফল হয়। তেওঁলোকে শিয়াল বা কুকুৰজাতীয় প্ৰাণীয়ে মূৰ্গীবোৰ খোৱা বুলি সন্দেহ কৰি মূৰ্গীচোৰক ধৰিবলৈ মূৰ্গী ৰখা ঠাইৰ চাৰিওপিনে বাঁহ পুতি গুনাৰ তাঁৰ টানি দিয়ে আৰু তাত বিদ্যুত সৰবৰাহ কৰে । মূৰ্গী খাব আহিলে শিয়াল বা কুকুৰ বিদ্যুত সৰবৰাহ হৈ আহত হব বুলি ধাৰণা কৰি থকা বাবুৰাম কোচৰ পৰিয়ালে আজি ৰাতিপুৱা শুই উঠি বিদ্যুত তাঁৰত লাগি এজন যুৱক মৃত হৈ থকা দেখি চিৎকাৰ কৰি উঠে । পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত এহাতেৰে বৈদ্যুতিক তাঁৰডাল মুঠি মাৰি থকা অৱস্থাতে মৃত্যুবৰণ কৰা যুৱকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
Conclusion:ইপিনে বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচে ঘটনা সন্দৰ্ভত মূৰ্গী চোৰ কৰিবলৈ গৈয়ে যুৱকজন মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত মৃত যুৱকজনৰ পৰিয়ালৰ তৰফৰ পৰা বাতৰি লিখা পৰলৈকে কোনোধৰণৰ এজাহাৰ দাখিল কৰা নাই বুলি জানিবলৈ দিয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.