কোকৰাঝাৰ, 7 আগষ্ট : কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ 2 নং চৌটাকী অঞ্চলত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী শিশুৰ মৃত্যু ৷ অঞ্চলটোৰ মজিদ আলীৰ কন্যা আফছিনা খাতুন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বঙাইগাঁওৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ কিন্তু ক্ৰমান্বয়ে তেওঁৰ অৱস্থা গুৰুতৰ হোৱাত জিএমচিত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাতে আফছিনা খাতুন মৃত্যুমুখত পৰে ৷
উল্লেখ্য যে, ইয়াৰ লগে লগে কোকৰাঝাৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে ৷