কোকৰাঝাৰ, 6 আগষ্টঃ কোকৰাঝাৰ জিলাত পুনৰ ক'ভিড-১৯ ত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয় ৷ কৰ'ণাত মৃত্যু হোৱা লোক জন কোকৰাঝাৰ চহৰৰ নিবাসী নাৰায়ণ চাহা (56) বুলি জানিবলৈ পোৱা গৈছে ৷
![One COVID-19 Patient Dead At Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8321376_kokr.jpg)
উল্লেখ্য যে, মৃত নাৰায়ণ চাহা কোকৰাঝাৰ আৰ এন বি ক'ভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছিল ৷ কিন্তু লোকজনৰ শাৰীৰিকভাৱে সুস্থ নোহোৱাৰ বাবে বুধবাৰে মাজনিশা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে ৷ ইফালে লৈ যোৱা পথতে নাৰায়ণ চাহাৰ মৃত্যু হয় ৷ জিলাখনত ক'ভিড -১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে ৩ জন লৈ বৃদ্ধি পাইছে ৷
উল্লেখ্য যে, শেহতীয়া তথ্য অনুসৰি অসমত 50,445 গৰাকী কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইফালে 35,893 গৰাকীয়ে চিকিৎসাৰ অন্তত কৰ'ণাৰ পৰা মুক্ত হৈছে আৰু 121 জনৰ কৰ'ণাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক- বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰথম জন কৰ'ণা আক্ৰান্ত ৰোগীৰ মৃত্যু