ETV Bharat / state

চৰকাৰী বিদ্যালয়ত উত্তোলন নহ’ল ৰাষ্ট্ৰীয় পতাকা ! - 74 সংখ্যক স্বাধীনতা দিৱস

কোকৰাঝাৰত চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে পাহৰিলে স্বাধীনতা দিৱস ৷ উত্তোলন নহ’ল ৰাষ্ট্ৰীয় পতাকা ৷

চৰকাৰী বিদ্যালয়ত উত্তোলন নহ’ল ৰাষ্ট্ৰীয় পতাকা !

author img

By

Published : Aug 15, 2020, 8:48 PM IST

কোকৰাঝাৰ, 15 আগষ্ট: কৰ'ণা ভাইৰাছৰ সৈতে যুঁজ চলাই থকাৰ মাজতেই দেশবাসীয়ে পালন কৰিছে 74 সংখ্যক স্বাধীনতা দিৱস ৷ কিন্তু ইয়াৰ মাজতেই পোহৰলৈ আহিছে কোকৰাঝাৰৰ এগৰাকী চৰকাৰী শিক্ষয়ত্ৰীৰ কৰ্ম দায়িত্বহীনতা ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ কৰ্ম কাণ্ডই বিপাঙত পেলাইছে অঞ্চলবাসীক ৷

চৰকাৰী বিদ্যালয়ত উত্তোলন নহ’ল ৰাষ্ট্ৰীয় পতাকা !

লক্ষ্যণীয় বিষয়তো হ’ল যে, কোকৰাঝাৰ জিলাৰ ভোটগাঁওস্থিত 93 নং থানাদাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা ৰাণী ৰায়য়ে পাহৰিলে স্বাধীনতা দিৱস | যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ বাবে হাতত ফুল লৈ বিদ্যালয়লৈ আহিছিল যদিও আহি নাপালে প্ৰধান শিক্ষয়িত্ৰী ৷ ফলত বিদ্যালয়খনত উত্তোলন কৰা নহ’ল ৰাষ্ট্ৰীয় পতাকা ৷

যি সময়ত কৰ'ণা ভাইৰাছক নেওচিও চৰকাৰে দিয়া কৰ'ণা নীতি নিয়ম মানি স্বাধীনতা দিৱস উদযাপন তথা ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ নিৰ্দেশ প্ৰদান কৰিছে সেই সময়তে এনেদৰে দায়িত্বহীন চৰকাৰী শিক্ষয়িত্ৰীৰ কৰ্মক নিন্দা দিছে অঞ্চলবাসীয়ে ৷

অঞ্চলবাসীয়ে অভিযোগ কৰা মতে, যিকোনো চৰকাৰী নিয়ম আৰু নিৰ্দেশক অমান্য কৰি নিজৰ খেয়াল-খুচিৰে চলাই আহিছে প্ৰধান শিক্ষয়িত্ৰী ৰীতা ৰাণী ৰায়য়ে ৷

লগতে চাওক-নগাঁৱত ওলোটাকৈ উৰিল জাতীয় পতাকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.