ETV Bharat / state

Illegal Money Collection at Srirampur: অবৈধভাৱে ধন সংগ্ৰহ কৰি আটক 9 জন - illegal money collection in Kokrajhar

শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত (Money collection at national Highway) বিভিন্ন বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ সঘনাই উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতে এই কাৰ্যত জড়িত গ্ৰেপ্তাৰ ন জন যুৱক ।

Illegal Money Collection at Srirampur
ধন সংগ্ৰহকাৰী ন যুৱকক গ্ৰেপ্তাৰ
author img

By

Published : Oct 11, 2022, 10:27 PM IST

কোকৰাঝাৰ, ১১ অক্টোবৰ: কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে ধন সংগ্ৰহ (Illegal money collection at Srirampur) কৰাৰ অভিযোগত ন জন যুৱকক গ্ৰেপ্তাৰ (9 youth arrested at Kokrajhar) কৰে ৷ অসম-বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে কালি অভিযান চলাই শ্ৰীৰামপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত (Money collection at national Highway) বিভিন্ন বাহনৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীয়ে সদৰি কৰা মতে, ধৃত যুৱক কেইজন ক্ৰমে গোঁসাইগাঁও এলেকাৰে নিৰঞ্জিত বসুমতাৰী, মনোজ সাহ, সঞ্জয় সৰকাৰ, আবুছামা মণ্ডল, আখতাৰ হুছেইন, ধনৰাজ বসুমতাৰী, আবু বক্কৰ ছিদ্দিকী, মফিজুল ইছলাম আৰু আব্দুল খালেক মণ্ডল ৷

শেহতীয়াকৈ ৰঙিয়াতো আৰক্ষীৰ জালত পৰিছে তিনি ভুৱা বিষয়া ৷ নিজকে দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া বুলি পৰিচয় দি ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া (Fake Anti corruption officer detained) ৷ গ্ৰেুপ্তাৰ হোৱা তিনি যুৱক ক্ৰমে উদিয়ানাৰ ইকবাল হুছেইন, কাউৰবাহাৰ দিদাৰ হুছেইন আৰু মৃদুল আলী বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, গ্ৰেপ্তাৰ হোৱা প্ৰৱঞ্চকৰ দলটোৱে সোমবাৰে দিনৰ প্ৰায় আঢ়ৈ বজাত ৰঙিয়াৰ বনগাঁৱৰ উৰণীয়া সেতুৰ তলত বৰপেটাৰ পৰা অহা এখন চুপাৰী কঢ়িওৱা গাড়ী ৰখাই তালাচী চলাই আছিল । তালাচী চলোৱা ট্ৰাকখনৰ নম্বৰ হৈছে AS 15 AC 5782 ৷ এই গাড়ীখনত তালাচী চলাই উপযুক্ত কাগজ-পত্ৰ নাই বুলি কৈ ভুৱা বিষয়াৰ দলটোৱে চুপাৰী কঢ়িওৱা গাড়ীখনৰ ড্ৰাইভাৰৰ পৰা ধন দাবী কৰিছিল ৷

লগতে পঢ়ক:Ganja seized in Barpeta: হাউলীত বুজন পৰিমাণৰ গাঞ্জাসহ এগৰাকী মহিলাক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.