বৰমা, ২০ অক্টোবৰঃ "আলফাৰ প্ৰতিষ্ঠাপক সম্পাদক অনুপ চেতিয়া এজন অৰ্ডিনাৰী মানুহ ৷ বাংলাদেশত ঘৈনীয়েকৰ বাৰ্থ দে খাবলৈ গৈ ধৰা পৰিছিল প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াই ৷ অনুপ চেতিয়াক মানুহে মহান বিপ্লৱী বুলি ভাবি জেলৰ পৰা মুকলি হোৱাৰ সময়ত আদৰি - সাদৰি আনিছিল যদিও তেনে কোনো মহান ব্যক্তি নহয় অনুপ চেতিয়া ৷"- আলোচনা পন্থী আলফা নেতাৰ বিৰুদ্ধে এই তীব্ৰ বাক্যবাণ নিক্ষেপ সাংসদ নৱ কুমাৰ শৰনীয়া ওৰফে হীৰা শৰণীয়াৰ ৷
যোৱা ১৮ অক্টোবৰত বাক্সাৰ কুমাৰীকাটাত অনুস্থিত প্ৰাক্তন আলফা ঐক্য মঞ্চ আৰু শ্বহীদ পৰিয়ালৰ ৰাজহুৱা এখন সভাত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰীকে ধৰি কেবাগৰাকী বি পি এফ নেতা উপস্থিত থকা সভাত আলফা নেতা অনুপ চেতিয়াই একেলগে বহি মিটিং কৰাৰ পাচত এনেদৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন আলফা নেতা তথা সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ ইপিনে অনুপ চেতিয়াক অৰ্ডিনাৰী মানুহৰ লগত তুলনা কৰি বি পি এফ নেতা হাগ্ৰামা মহিলাৰীৰ লগত লগ লাগি যি খায় খাই থাকিবলৈ কয় সাংসদ গৰাকীয়ে ৷ ইয়াৰোপৰি বি টি এডিত একাংশ আণ্ডাৰ গ্ৰাউণ্ড সংগঠনে বি পি এফৰ সহযোগত কাম কৰি থকা বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷