কোকৰাঝাৰ,২০ মে': কৰ’ণা মহামাৰীৰ আতংক আৰু সান্ধ্য আইনৰ মাজতে বুধবাৰে নিশা কোকৰাঝাৰ চহৰৰ কোকৰাঝাৰিত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড ৷ দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত কোকৰাঝাৰি নিবাসী তথা শিবু ব্ৰহ্ম নামৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰে কৰুণ মৃত্যুক সাৱটি লয় ৷ আনৰ কাজিয়া ভাঙিবলৈ গৈ ঠিকাদাৰ শিবু ব্ৰহ্ম নামৰ 47 বছৰীয়া লোকজনে হত্যাকাৰীৰ চুৰিকাঘাতত অকালতে মৃত্যুবৰণ কৰে ৷ দুৰ্বৃত্তৰ এই আক্ৰমণত শিবু ব্ৰহ্মৰ লগতে অশোক বড়ো নামৰ আন এজন ঠিকাদাৰো আহত হয় ৷
এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ মতে, বুধবাৰে নিশা প্ৰায় 10.30 মান বজাত এগৰাকী মহিলাই সহায় বিচাৰি অহাত শিবু ব্ৰহ্মই বন্ধুৰ উপস্থিতিত মহিলা গৰাকীক সহায়ৰ বাবে আগবাঢ়ি যোৱাত দুৰ্বৃত্তৰ দলটোৱে চুৰিৰে ব্ৰহ্মৰ বুকুত আঘাত কৰে ৷ ততাতৈয়াকৈ পৰিয়ালৰ লোকে স্থানীয় এমআৰএম চিকিৎসালয়লৈ লৈ যায় যদিও নিশা প্ৰায় এঘাৰ বজাত মৃত্যুক সাৱটি লয় ৷

ইফালে সান্ধ্য আইনৰ মাজতে হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰাৰ সন্দেহতে দীপু নাৰ্জাৰী নামৰ যুৱকজনক আৰক্ষীয়ে চিৰাং জিলাৰ ৰুণিখাটাৰ পৰা মটৰ চাইকেলসহ আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি যুৱকজন আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: ক'ভিড ৱাৰ্ডত মহিলাক ধৰ্ষণ