কোকৰাঝাৰ ৭ মাৰ্চ: ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনকলৈ বিটিআৰতো আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰীক ব্যাপক তৎপৰতা ৷ নিৰ্বাচনকেন্দ্ৰিক এনে তৎপৰতাৰ মাজতে ৰবিবাৰে কোকৰাঝাৰ জিলাৰ পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দোতমাত ইউপিপিএলৰ এক বিশাল যোগদান সভা অনুষ্ঠিত হয় ৷ ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত উক্ত বিশাল যোগদান সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বুলি পৰিচিত তথা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্ম, বিপিএফ দলৰ দোতমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এমচিএলএ ইন্দ্ৰমোহন ব্ৰহ্ম আৰু বিপিএফৰ একাংশ নেতা কৰ্মীকে ধৰি তিনি সহস্ৰাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান উল্লেখ্য যে, দেওবাৰে ইউপিপিএল দলত যোগদান কৰা মনোৰঞ্জন ব্ৰহ্মসহ কেবা গৰাকীও ঠিকাদাৰৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ সোতৰ বছৰীয়া শাসনকালত বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি ৰুপায়ণত নীতি বৰ্হিভূতভাৱে বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আনি এক সপ্তাহমান পূৰ্বে ইউপিপিএল দলৰ এজন শীৰ্ষ নেতাই কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিটিআৰ সচিবালয়ৰ পৰা ১৬ টাকৈ ফাইল জব্দ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে আজি মনোৰঞ্জন ব্ৰহ্মই ইউপিপিএল দলত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান ইপিনে ইমান বৃহৎ সংখ্যক লোক ইউপিপিএলত যোগদান কৰাৰ পৰিপ্ৰেক্ষিত সমাগত বিধানসভা নিৰ্বাচনত কোকৰাঝাৰ পশ্চিম জনজাতি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ লগতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ৷ একেদৰে ইউপিপিএল দলত যোগদান কৰা ঠিকাদাৰ মনোৰঞ্জন ব্ৰহ্মই সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ইউপিপিএল দলত যোগদান কৰা বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় ইমানদিনে বহুত ব্যৱসায় কৰিলো আৰু আজি আনুষ্ঠানিকভাৱে ৰাজনীতিত যোগ দি এতিয়াৰে পৰা সমাজসেৱা কৰিম । ৰাইজে বিচাৰিলে কোকৰাঝাৰ পশ্চিম জনজাতি বিধানসভা সমষ্টিৰ পৰা সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মনোৰঞ্জন ব্ৰহ্মই ৷
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান উল্লেখ্য যে, ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বিদ্যাধৰ ব্ৰহ্ম চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ যোগদান সভাত ইউপিপিএলৰ শীৰ্ষ নেতা লৰেন্স ইছলাৰী, ইউপিপিএলৰ সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰী, সম্পাদক ৰাজু নাৰ্জাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, প্ৰাক্তন এমচিএলএ জ্যোতিইন্দ্ৰ ব্ৰহ্ম সহ ইউপিপিএলৰ কেইবাগৰাকী নেতা আৰু স্থানীয় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷
হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান লগতে পঢ়কঃ
প্ৰতিটো মূহূৰ্তত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট...ডেস্কৰ পৰা নিৰ্বাচন বিশেষ