ETV Bharat / state

কোকৰাঝাৰত ইউপিপিএল শিবিৰত আঢ়ৈ শতাধিক কৰ্মীৰ যোগদান

author img

By

Published : Jul 2, 2020, 4:42 AM IST

Updated : Jul 2, 2020, 7:17 AM IST

শান্তি সম্প্ৰতি আৰু উন্নয়নৰ স্বাৰ্থত সকলো জাতি ধৰ্মাৱলম্বীক একেলগে লৈ ভাতৃত্ববোধৰে আগবাঢ়ি যোৱাৰ পোষকতা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ ৷ বুধবাৰে কোকৰাঝাৰত ইউপিপিএল শিবিৰত আঢ়ৈ শতাধিকৰ লোকৰ যোগদান ৷

More Then 250 People joined UPPL
More Then 250 People joined UPPL

কোকৰাঝাৰ 2 জুলাই : ৰাজ্যত কৰ’ণা ভাইৰাছৰ অবাধ গতিত বৃদ্ধি পোৱা সংখ্যাই ৰাজ্য চৰকাৰৰ নিদ্ৰাহৰণ কৰি থকাৰ সময়ছোৱাতে বিটিচিত চলিছে নিৰ্বাচনৰ কুচ-কাৱাজ ৷ বিটিচি আসন্ন পৰিষদৰ নিৰ্বাচনক লৈ চলিছে ৰাজনৈতিক দল সমূহৰ মাজত শক্তি প্ৰদৰ্শনৰ শীতল যুঁজ ৷ বিটিচিৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত বিটিচিৰ ক্ষমতা দখলকলৈ বিপিএফ আৰু ইউপিপিএল দলৰ মাজতো পৰস্পৰে পৰস্পৰৰ উভয় দলত নেতা কৰ্মীৰ দলে বলে দল যোগদানৰ এক বিশেষ আখৰা চলা পৰিলক্ষিত হৈছে ৷

কোকৰাঝাৰত ইউপিপিএল শিবিৰত আঢ়ৈ শতাধিক কৰ্মীৰ যোগদান

বুধবাৰে বিটিচি সংখ্যালঘু পৰিষদ আৰু বিপিএফৰ ব্লক কমিটিৰ কৰ্মী আৰু ছাত্ৰ কৰ্মীৰ প্ৰায় আঢ়ৈ শতাধিক কৰ্মীয়ে দলে বলে আনুষ্ঠানিকভাৱে ইউপিপি এলত যোগদান কৰে ৷ যোগদান কৰা সকলোকে ফুলাম গামোচা দি আদৰণি জনায় কোকৰাঝাৰ চহৰৰ ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৷

ইউপিপিএল শিবিৰত আঢ়ৈ শতাধিক কৰ্মীৰ যোগদান

প্ৰমোদ বড়োৱে ‘‘শান্তি সম্প্ৰতি আৰু উন্নয়নৰ স্বাৰ্থত সকলো জাতি ধৰ্মালম্বীক একেলগে লৈ ভাতৃত্ববোধৰে আগবাঢ়ি যোৱাৰ পোষকতা কৰে ৷’’

17 বছৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্ব বিটিচি চৰকাৰ মূলত বিফল হৈছে যাৰ বাবে আজি বিটিচিবাসীয়ে পৰিৱৰ্তন বিচাৰি ওলাই আহিছে । হাগ্ৰামা মহিলাৰীৰ শাসন কালত কেৱল এটা দালাল শ্ৰেণীৰ মানুহৰে মুনাফা হৈছিল বুলি অভিযোগ উত্থাপন কৰে একালৰ বিপিএফ কৰ্মীগৰাকীয়ে ।

লগতে চাওকঃ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি

Last Updated : Jul 2, 2020, 7:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.