ETV Bharat / state

প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

কোকৰাঝাৰ সমীপৱৰ্ত্তী নয়গাঁৱত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনৰ ওপৰত আক্ৰমণ চলায় অচিনাক্ত দুৰ্বৃত্তই ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত ৰুজু কৰা হৈছে গোচৰ ৷

author img

By

Published : Dec 9, 2020, 6:57 PM IST

Updated : Dec 9, 2020, 10:50 PM IST

as_kkj_miscreant_attacked_on_pramod_bodo's_vehicle_img
প্ৰমোদ বড়োৰ বাহনত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

কোকৰাঝাৰ,9 ডিচেম্বৰ : ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ বাহনৰ ওপৰত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ ৷ কোকৰাঝাৰ সমীপৱৰ্ত্তী নয়গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ আক্ৰমণৰ ফলত নেতাগৰাকীৰ বুলেট প্ৰুফ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আন চাৰিখন বাহনো ক্ষতিগ্ৰস্ত হয় ৷ ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত ৰুজু কৰা হৈছে গোচৰ ৷ বৃহস্পতিবাৰে বিটিচিত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বাবে অনুষ্ঠিত হ’ব এই ভোটগ্ৰহণ ৷ কিন্তু ভোটগ্ৰহণৰ পূৰ্বে সংঘটিত এই ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিগত 7 ডিচেম্বৰত বাক্সা আৰু ওদালগুৰি জিলাত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বাক্সা জিলাত বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত 80 শতাংশ ভোটদান সম্পন্ন হয় ৷ জিলাখনৰ মুছলপুৰ মহকুমাৰ ২২ নং কোকিলাবাৰী, ২৩ নং দিহিৰা,২৪ নং মুছলপুৰ আৰু ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিকে ধৰি চাৰিটা পৰিষদীয় সমষ্টিৰ মুঠ ৩৭৭ টা ভোটকেন্দ্ৰত গড়ে ৭৯ শতাংশ আৰু তামুলপুৰ মহকুমাৰ ২৬ নং দৰঙাজুলি, ২৭ নং নাগ্ৰীজুলি, ২৮ নং গয়বাৰী, ২৯ নং শুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিকে ধৰি পাঁচটা পৰিষদীয় সমষ্টিত মুঠ ৩৮২ টা ভোট কেন্দ্ৰত গড়ে ৭৯.২৬ শতাংশ ভোটদান সাব্যস্ত কৰা হয় ৷

প্ৰমোদ বড়োৰ বাহনত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

আনহাতে, ওদালগুৰি জিলা ভেৰগাঁও মহকুমাৰ 5টা পৰিষদীয় সমষ্টিৰ 395 টা ভোটগ্ৰহণ কেন্দ্ৰত মুঠ 2,98,705 গৰাকী ভোটাৰে ভোট প্ৰদান কৰে । সমান্তৰালকৈ ওদালগুৰি মহকুমাৰ 5টা সমষ্টিত আছে 412 টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছিল ৷ ইয়াৰে 86টা স্পৰ্শকাতৰ আৰু 57টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ বিভক্ত কৰা হৈছিল ৷ এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত 2,000 ৰো অধিক কৰ্মচাৰী নিয়োগ কৰা হয় ৷ ইয়াৰ উপৰিও চহৰ অঞ্চলৰ 18 টা ভোটগ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰে মহিলা কৰ্মচাৰীয়ে । 5 টা সমষ্টিৰ 3,23,703 গৰাকী ভোটাৰে মুঠ 32 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে ৷

লগতে পঢ়ক-চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-প’লিং বিষয়া সহ নিৰাপত্তা বাহিনী

Last Updated : Dec 9, 2020, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.