কোকৰাঝাৰ, 3 নৱেম্বৰ : কোকৰাঝাৰ জিলাৰ ৰাণীঘুলীস্থিত 6 নং সশস্ত্ৰ সীমা বল (SSB) বেটেলিয়নৰ মুখ্য ছাউনীত মঙলবাৰে গৃহ মন্ত্ৰালয়ৰ আৱণ্টিত ধনেৰে নৱ-নিৰ্মিত এছ এছ বি জোৱানৰ আৱাসিক ভৱন এলেকা উদ্বোধন কৰে কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে(Nityanand Rai) ৷ বঙাইগাঁৱৰ পৰা ৰাণীঘূলীত উপস্থিত হৈ জোৱানসকলৰ আৱাসিক গৃহৰ টাইপ-4, টাইপ-5 আৰু 40 গৰাকী মহিলা জোৱানৰ এটা বেৰেকৰ শুভ উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।
![minister-nityanand-rai-inaugurated-residential-area-of-ssb-force](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13535158_gdfgdf.jpg)
ৰাষ্ট্ৰৰ সেৱাত নিয়োজিত এছ এছ বিৰ জোৱানসকলে দিন-ৰাতি একাকাৰ কৰি নিঃস্বাৰ্থভাৱে কৰ্তব্য পালন কৰাৰ বাবে ৰাজ্যিক গৃহমন্ত্ৰীগৰাকীয়ে জোৱানসকলক প্ৰশংসা কৰে ৷ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কৰে এছ এছ বিৰ জোৱানসকলে দেশৰ সীমা সুৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৰিহণা যোগোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
![minister-nityanand-rai-inaugurated-residential-area-of-ssb-force](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13535158_tjgfjg.jpg)
তেওঁ ৰাণীঘূলীত এছ এছ বিৰ শিবিৰত সমবেত হোৱা জোৱানক উদ্দেশ্যি দিয়া সংক্ষিপ্ত ভাষণত দেশৰ ভৌগলিক সীমাত অশান্তিৰ বীজ সৃষ্টি কৰা ড্ৰাগছ মাফিয়াকে কৰি বিভিন্ন অপৰাধ প্ৰৱণতাৰ বিৰুদ্ধে এছ এছ বিৰ জোৱানসকলে বীৰত্ব প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে ৷
![minister-nityanand-rai-inaugurated-residential-area-of-ssb-force](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13535158_gxfh.jpg)
কেৱল সেয়াই নহয়, তেওঁ কয় যে সশস্ত্ৰ সীমা বলৰ জোৱানসকলে ছত্তিশগড়, ঝাৰখণ্ড আৰু জন্মু-কাশ্মীৰৰ দৰে সন্ত্ৰাসবাদীৰ বধ্যভূমি এলেকাতো ভাৰত ৰাষ্ট্ৰৰ বীৰ যোদ্ধা হিচাপে কাম কৰি আহিছে । উল্লেখ্য যে, ৰাণীঘূলীৰ এছ এছ বিৰ মুখ্য ছাউনীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায় উপস্থিত হোৱাত এছ এছ বিৰ জোৱানসকলে বেণ্ড প্ৰদৰ্শন কৰি আদৰণি জনোৱাৰ লগতে এছ এছ বিৰ বেটেলিয়নে মন্ত্ৰী ৰায়ক সম্বৰ্ধনাও জ্ঞাপন কৰে ৷
![minister-nityanand-rai-inaugurated-residential-area-of-ssb-force](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13535158_hgfhfg.jpg)
কোকৰাঝাৰ ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে বঙাইগাঁও এছ এছ বিৰ উপ মহাপৰিদৰ্শক(DIG) এছ কে শ্বাহি, গৃহ মন্ত্ৰালয়ৰ অবৰ সচিব আৰু অধিনায়ক নন্দ কিশোৰ, সুৰেন্দ্ৰ বিক্ৰম প্ৰমুখ্যে বহু উচ্চ পদস্থ বিষয়া ৷
লগতে পঢ়ক : ডিফুত পঞ্জীয়নবিহীন যান-বাহনৰ বিৰুদ্ধে আৰক্ষী-পৰিবহন বিভাগৰ যৌথ অভিযান