ETV Bharat / state

লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ - lafiqul islam murder case update

এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক ২০১৭ চনৰ পহিলা আগষ্টত দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল । এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ইয়াৰ পাছতে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰথমে এচ আই টি (SIT)ক আৰু পিছলৈ চিবিআইক গোচৰটো তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল ৷ চিবিআইয়ে তিনি হত্যাকাৰীৰ নাম ঘোষণা কৰাৰ লগতে সন্ধান দিওতালৈ দুই লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে ।

lafiqul-islam-murder-case
লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা চি বি আইৰ
author img

By

Published : Aug 2, 2021, 8:49 PM IST

Updated : Aug 3, 2021, 11:03 AM IST

কোকৰাঝাৰ, ২ আগষ্ট : ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এ বি এমছু (ABMSU)ৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ঘটনাই সোমবাৰে এক নতুন মোৰ লৈছে । চাৰিবছৰ পিছত সোমবাৰে দেশৰ অন্যতম তদন্তকাৰী সংস্থা চি বি আয়ে(CBI) এই হত্যাকাণ্ডত জড়িত তিনি হত্যাকাৰীৰ নাম ঘোষণা কৰিছে । চি বি আয়ে নাম ৰাজহুৱা কৰা এই তিনি হত্যাকাৰী হ'ল বিটিআৰৰ ভালুকমাৰী গাঁৱৰ ৰূপা ব্ৰহ্ম ওৰফে কেজেং ব্ৰহ্ম, এক নং পাবুঝাৰা গাঁৱৰ ডিনকুৰ মুছাহাৰী ওৰফে দাও আৰু কঠালমাৰী গাঁৱৰ ভদ্ৰেশ্বৰ বসুমতাৰী ওৰফে ভদ্ৰে । এই তিনিওজন হত্যাকাৰীৰ সন্ধান দিওতালৈ দুই লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে চি বি আয়ে ।

উল্লেখ্য যে, কোকৰাঝাৰৰ তিতাগুৰীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত ২০১৭ চনৰ পহিলা আগষ্টত দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই এ বি এমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদক গুলীৰে থকা সৰকা কৰি হত্যা কৰিছিল । উক্ত ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্বৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ অৱশেষত ৰাজ্য চৰকাৰে প্ৰথমে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব এচ আই টি (SIT)ক অৰ্পন কৰিছিল যদিও পিছলৈ গোচৰটোৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰে ।

লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

কোকৰাঝাৰ সদৰ থানাত ৰুজু কৰা গোচৰ নং ৪৯২/২০১৭ ভিত্তিত চি বি আয়ে সুদীৰ্ঘ চাৰিবছৰ তদন্ত কৰাৰ পাছত আজি তিনিজনকৈ হত্যাকাৰীৰ নাম আৰু ফটো প্ৰকাশ কৰে ৷ দেওবাৰে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই চাৰিবছৰ পূৰ্ণ কৰাত তদন্তৰ ফলাফল ৰাজহুৱা কৰাৰ দাবীত এ বি এমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ ইয়াৰ পাছতে সোমবাৰে চি বি আইয়ে হত্যাকাৰীৰ নাম ৰাজহুৱা কৰে ।

লগতে পঢ়ক : সংখ্যালঘু নেতা বাবেই হোৱা নাই নেকি লাফিকুল হত্যাৰ সঠিক তদন্ত?

চিবিআইয়ে লাফিকুল ইছলাম আহমেদৰ তিনি হত্যাকাৰীৰ নাম ৰাজহুৱা কৰাৰ পিছত লাফিকুল ইছলামৰ ভাতৃ তথা এ বি এমছুৰ (মহিদুল গোট)ৰ সভাপতি মহিদুল ইছলাম আহমেদে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ চিবিআয়ে নাম প্ৰকাশ কৰা হত্যাকাৰীকেইজন প্ৰাক্তন বি এল টি(BLT)ৰ সদস্য আৰু তেওঁলোক বি পি এফ(BPF)ৰ হৈ কাম কৰিছিল বুলি বিস্ফোৰক মন্তব্য কৰে মহিদুল ইছলাম আহমেদে।

lafiqul-islam-murder-case
লাফিকুলৰ হত্যাকাণ্ডৰ তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

মহিদুল ইছলাম আহমেদে লাফিকুল ইছলাম আহমেদক কোনে হত্যা কৰিবলৈ আঁচনি তৈয়াৰ কৰিছিল আৰু ইয়াৰ মাষ্টাৰ মাইণ্ড কোন সেয়াও বাহিৰ কৰিবলৈ দাবী জনাইছে ৷ লগতে তেওঁ হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ বি টি আৰবাসী ৰাইজ তথা দল-সংগঠনক আহ্বান জনাইছে । অতি সোনকালেই গোচৰটোৰ চূড়ান্ত ফলাফল পাব বুলি আশা প্ৰকাশ কৰিছে মহিদুল ইছলাম আহমেদে ৷

ইপিনে এবিএমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জাইদুল ইছলামে লাফিকুল ইছলামৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড আছিল বুলি দাবী কৰে ৷ তেওঁ চিবিআইয়ে নাম প্ৰকাশ কৰা হত্যাকাৰীকেইজন প্ৰকৃততে "কিলাৰ"(Killer) হে আছিল আৰু ইয়াৰ আঁৰত ৰৌ-বৰালী জড়িত হৈ আছে বুলি দাবী কৰে । তেওঁ লগতে চি বি আয়ে হত্যাকাৰীৰ নাম ঘোষণা কৰাৰ সলনি গ্ৰেপ্তাৰ কৰিলেহে সন্তুষ্টি পালোহেঁতেন বুলি উল্লেখ কৰি এ বি এমছুৰ যিমানদিনলৈকে হত্যাকাৰীক ফাঁচিকাঠক নুঠিব সিমানদিনলৈকে এ বি এমছুৰ আন্দোলন অব্যাহত থাকিব বুলি সদৰী কৰে ।

লগতে পঢ়ক : লাফিকুলৰ হত্যাৰ চাৰি বছৰ : ন্যায়ৰ দাবীত abmsu ৰ মানৱ শৃংখল

Last Updated : Aug 3, 2021, 11:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.