কোকৰাঝাৰ, ২৬ ডিচেম্বৰ : কোকৰাঝাৰ চহৰৰ দীপশিখা বসুয়ে মিছ ইণ্ডিয়া কুইন হাৰ্টছ ইষ্ট ২০২০ৰ খিতাপ অৰ্জনেৰে কোকৰাঝাৰৰ লগতে বিটিচিলৈ সুনাম তথা গৌৰৱ কঢ়িয়াই আনিছে ৷ নয়দাত বিগত ২৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতাত কোকৰাঝাৰ চহৰৰ ডিপো ৰোড নিৱাসী দীপক কুমাৰ বসু আৰু শান্তনা বসুৰ কন্যা দীপশিখা বসুয়ে মিছ ইণ্ডিয়া কুইন হাৰ্টছ ইষ্ট ২০২০ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
নতুন দিল্লীৰ পৰা ৰাজধানী এক্সপ্ৰেছযোগে শনিবাৰে সন্ধিয়া কোকৰাঝাৰ ৰে'ল ষ্টেচনত পদাৰ্পণ কৰা দীপশিখাই সাংবাদিকৰ আগত কয় যে উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিছিল ৷ বিগত জুন মাহৰ পৰা বিভিন্ন পৰ্যায়ত অনুষ্ঠিত সুন্দৰী প্ৰতিযোগিতাখনৰ যোৱা ২৩ ডিচেম্বৰত গ্ৰেণ্ড ফাইনেল অনুষ্ঠিত হয় ৷ ফাইনেলত সকলোকে চেৰাই কোকৰাঝাৰৰ দীপশিখাই মিছ ইণ্ডিয়া কুইন হাৰ্টছ ইষ্ট ২০২০ৰ মুকুট জিনি আনিবলৈ সক্ষম হয় ৷ আনপিনে দীপশিখাই ভৱিষ্যতে মিছ ইণ্ডিয়া ফেমিনা সুন্দৰী প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে মনত হেঁপাহ পুহি ৰাখিছে বুলিও মন্তব্য কৰে ৷
উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত মেজৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী দীপশিখাক শনিবাৰে কোকৰাঝাৰ ৰে'ল ষ্টেচনত পিতৃ-মাতৃৰ উপৰিও সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন, কোকৰাঝাৰ নৃত্য-কলা একাডেমি, অসম বংগ সাহিত্য সভাৰ কোকৰাঝাৰ শাখা আৰু কোকৰাঝাৰ জিলা পতঞ্জলি যোগ সমিতিৰ লগতে বহু শুভাকাংক্ষীয়ে উত্তৰীয়, আৰণাই, ফুলাম গামোচা, ফুলৰ থোপা আদিৰে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় ৷
লগতে পঢ়ক : চিতাৰ জুইত বিলীন শ্বহীদ মৃত্যুঞ্জয় চুতীয়াৰ নিথৰ দেহ