কোকৰাঝাৰ, 21 জুনঃ অৱশেষত উদ্ধাৰ হ'ল চাপৰৰ পৰা অপহৃত এগৰাকী ব্যৱহায়ীৰ নিথৰ দেহ। কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী আমগুৰী কেটেঙাঝাৰ পাহাৰঞ্চলত অঞ্চলবাসী ৰাইজ জ্ঞাত হয় মৃতদেহটোৰ বিষয়ে ৷ লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পুতি থোৱা অবস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মৃতদেহটো । ভুক্তভোগী পৰিয়ালৰ সদস্যই সদৰী কৰা মতে বিগত ২৫ মে'ত দুৰ্বৃত্তই অপহৰণ কৰিছিল বিজু পাল নামৰ চাপৰৰ এগৰাকী ব্যৱসায়ীক আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল বিজু পাল। অপহৃত ব্যৱহায়ীক উদ্ধাৰ কৰাৰ বাবে চাপৰ আৰক্ষীৰ সহায় বিচাৰি গোচৰ দিয়া হৈছিল যদিও অতদিনে আৰক্ষীয়ে ব্যৱসায়ীজনক উদ্ধাৰ কৰাত ব্যৰ্থ হৈ আছিল। অৱশেষত ২৪ দিনৰ পিছত কেটেঙাঝাৰ পাহাৰঞ্চলৰ পৰা আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে বিজু পাল।
২৪ দিনৰ পিছত উদ্ধাৰ চাপৰৰ অপহৃত ব্যৱসায়ীৰ মৃতদেহ - etv bharat
ভুক্তভোগী পৰিয়ালৰ সদস্যই সদৰী কৰা মতে বিগত ২৫ মে'ত দুৰ্বৃত্তই অপহৰণ কৰিছিল বিজু পাল নামৰ চাপৰৰ এগৰাকী ব্যৱসায়ীক আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল বিজু পাল।