কোকৰাঝাৰ, 19 ডিচেম্বৰ: উৎফুল্লিত বড়োভূমি কোকৰাঝাৰ ৷ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ প্ৰৱক্তা ডঃ ফুকন চন্দ্ৰ বসুমতাৰীলৈ প্ৰদান 2019 চনৰ সাহিত্য অকাডেমী বঁটা ৷ "আখাই আথুমনিফ্ৰাই"(হাতৰ মুঠিৰ পৰা) নামৰ বড়ো ভাষাত ৰচিত কবিতা পুথিখনৰ বাবে তেওঁক এই বঁটাৰে বিভূষিত কৰা হৈছে ৷ বৰপেটা জিলাৰ বাগনাপুৰী নামৰ সৰু গাঁও এখনৰ নিৱাসী বিশিষ্ট সাহিত্যিক ফুকন চন্দ্ৰ বসুমতাৰী,প্ৰয়াত গণেশ্বৰ বসুমতাৰী আৰু আলাইশ্ৰী বসুমতাৰীৰ সু সন্তান ৷
উল্লেখ্য যে, সাহিত্য অকাডেমি বঁটা বিজয়ী এই গৰাকী সাহিত্যিকে এই সন্দৰ্ভত নিজকে সুখী বুলি জনাই তেখেতৰ কৰ্মৰাজি আৰু চিন্তাই নতুন বাটৰ সন্ধান দিব বুলি অনুভৱ ব্যক্ত কৰিছে ৷
সৰু কালৰ পৰাই সাহিত্য চৰ্চাত জড়িত থকা ফুকন চন্দ্ৰ বসুমতাৰীয়ে 1984 চনত মেট্ৰিক উত্তীৰ্ণ,1986 চনত উচ্চতৰ মাধ্যমিক,1989 চনত স্নাতক আৰু 1991 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বড়ো বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ৷ পৰৱৰ্তী সময়ত 2013 চনৰ পৰা কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত বড়ো বিভাগৰ প্ৰৱক্তা হিচাপে যোগদান কৰি কাৰ্যনিৰ্বাহ কৰি আছে ৷ তেওঁ ইতিমধ্যে 22ৰো অধিক পুথি ৰচনা কৰাৰ লগতে কেইবাখনো পুথি প্ৰকাশৰ পথত বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত হিংসাত্মক কাৰ্য : ৰিপুণ বৰা