কোকৰাঝাৰ, 31 আগষ্ট: শনিবাৰে সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ চূড়ান্ত তালিকা নিৰ্দিষ্ট ৱেবছাইট লগতে জিলাৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰসমূহত প্ৰকাশ পোৱাৰ লগে লগে জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। উল্লেখযোগ্য যে , কোকৰাঝাৰত এই চূড়ান্ত তালিকা প্ৰকাশত কিছুমান ব্যক্তিয়ে নিজৰ বা পৰিয়ালৰ নাম দেখি সন্তুষ্ট হৈছে যদিও কিছুসংখ্যক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নোহোৱাত দুখত ভাগি পৰিছে। বহু কষ্ট আৰু পৰিশ্ৰমেৰে প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছতো চূড়ান্ত তালিকাত নাম বাদ পৰা সকল ক্ষোভিত হৈছে । মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাক লৈ তেওঁ অতি সুখী,ইয়াৰ বাবে অসমবাসী ৰৈ আছিল বুলিও তেওঁ জনায়। ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ণ চূড়ান্ত তালিকাৰ পৰা অসমত থকা বিদেশীৰ সংখ্যা পোহৰলৈ অহা বুলিও উল্লেখ কৰে। বিদেশী বুলি 19 লাখ 6 হাজাৰ 657 জনৰ নাম কৰ্তন হোৱাৰ কথাটোও তেওঁ উল্লেখ কৰে ৷
এনআৰচি চূড়ান্ত তালিকা: কোকৰাঝাৰত হৰ্ষ-বিষাদ-ক্ষোভ - চূড়ান্ত তালিকা প্ৰকাশ
চূড়ান্ত তালিকা প্ৰকাশৰ পাছত কোকৰাঝাৰত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ এচাম উল্লসিত ৷ এচাম ক্ষোভিত ৷
কোকৰাঝাৰ, 31 আগষ্ট: শনিবাৰে সুদীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ চূড়ান্ত তালিকা নিৰ্দিষ্ট ৱেবছাইট লগতে জিলাৰ বিভিন্ন এন আৰ চি সেৱা কেন্দ্ৰসমূহত প্ৰকাশ পোৱাৰ লগে লগে জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। উল্লেখযোগ্য যে , কোকৰাঝাৰত এই চূড়ান্ত তালিকা প্ৰকাশত কিছুমান ব্যক্তিয়ে নিজৰ বা পৰিয়ালৰ নাম দেখি সন্তুষ্ট হৈছে যদিও কিছুসংখ্যক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নোহোৱাত দুখত ভাগি পৰিছে। বহু কষ্ট আৰু পৰিশ্ৰমেৰে প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰাৰ পিছতো চূড়ান্ত তালিকাত নাম বাদ পৰা সকল ক্ষোভিত হৈছে । মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাক লৈ তেওঁ অতি সুখী,ইয়াৰ বাবে অসমবাসী ৰৈ আছিল বুলিও তেওঁ জনায়। ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ণ চূড়ান্ত তালিকাৰ পৰা অসমত থকা বিদেশীৰ সংখ্যা পোহৰলৈ অহা বুলিও উল্লেখ কৰে। বিদেশী বুলি 19 লাখ 6 হাজাৰ 657 জনৰ নাম কৰ্তন হোৱাৰ কথাটোও তেওঁ উল্লেখ কৰে ৷
Body:সমান্তৰালকৈ কোকৰাঝাৰ জিলাত বিভিন্ন সেৱা কেন্দ্ৰ সমূহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন চূড়ান্ত তালিকা প্ৰকাশ পোৱা লগে লগে নিজ নিজ নামক বিচাৰি ভিৰ দেখিবলৈ পোৱা গল।
উল্লেখযোগ্যযে কোকৰাঝাৰত এই চূড়ান্ত তালিকা প্ৰকাশত কিছুমা ব্যক্তিয়ে নিজৰ বা পৰিয়ালৰ নাম দেখি সন্তুষ্ট হৈছেজুদিও কিছু সংখ্যক ব্যক্তিৰ নাম অন্তৰবক্ত নোহোৱাত দুখত ভাগি পৰিছে। ঘৰৰ কিছু পৰিয়ালৰ নাম আহিও মুৰব্বী ব্যক্তিৰ নাম বাটপৰা দেখাগল। বহু কষ্টৰে প্ৰয়োজন নথিপত্ৰ দাখিল কৰাৰ পিছতো চূড়ান্ত তালিকাত নাম বাদপৰিল বলি অভিযোগ কৰে। এনেকৈ তালিকাত নাম নথকাত জাঙুৰখাইউঠিছে আকাংশই।
মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম কসাংবাদীকৰ আগত উল্লেখ কৰেযে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন চূড়ান্ত তালিকাৰ ওপৰত অতি সুখী যাক সুদীৰ্ঘ অপেক্ষাত আছিল অসম বাসীয়ে।
ৰাইজ্য সভা এমপি বিশ্বজিত দৈমাৰীয়ে সাংবাদীকৰ আগত কৈযে এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন চূড়ান্ত তালিকাৰ পৰা পোহৰলৈ আহিল অসমত কেমান বিদেশী আছে। যি 19 লাখ 6 হাজাৰ 657 জন নাম কৰ্তন হোৱা হল বিদেশী বুলি তাৎপৰ্যভাবে উল্লেখ কৰে।
Conclusion:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন চূড়ান্ত তালিকাত অন্তর্ভূক্ত হল মুঠ 3 কোটি 11 লাখ 21 হাজাৰ 8 জনৰ নাম। তাৰ বিপৰিদে চূড়ান্ত তালিকাৰ পৰা নাম কৰ্তন হল 19 লাখ 6 হাজাৰ 657 জন।
উল্লেখযোগ্যযে 2015 চনৰ মে মাহৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নতিকৰণ বাবে আবেদন পত্ৰ গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু এই প্ৰক্ৰিয়া শেষ হৈছিল চলিত বৰ্ষৰ আগষ্ট মাহত।