ETV Bharat / state

হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ - অতিৰিক্ত আৰক্ষী অধীক্ষক

কোকৰাঝাৰত উৎকোচ ল'বলৈ গৈ সোমবাৰে এগৰাকী লাট মণ্ডল আৰক্ষীয়ে আটক হয় । কোকৰাঝাৰৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আটক হোৱা লাট মণ্ডল গৰাকী নাম মহিদুল ইছলাম ।

Kokrajhar police arrest a corrupt lat mandal
হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ
author img

By

Published : Oct 11, 2021, 10:37 PM IST

কোকৰাঝাৰৰ, ১১ অক্টোবৰ : চৰকাৰৰ নিৰ্দেশত কিছু দিন পূৰ্বে আৰক্ষীয়ে ৰাজ্যখনৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাই কেইবা শতাধিক মাটি দালাল, দুৰ্নীতিগ্ৰস্ত মণ্ডলক আটক কৰাৰ পিছতো গা লৰা নাই একাংশ লাট মণ্ডলৰ ৷ কোকৰাঝাৰত উৎকোচ ল'বলৈ গৈ সোমবাৰে এজন লাট মণ্ডল হাতে লোটে আটক হয় আৰক্ষীৰ দ্বাৰা । কোকৰাঝাৰৰ চহৰস্থিত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আটক হোৱা লাট মণ্ডল জনৰ নাম মহিদুল ইছলাম ।

পাঁচ হেজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ হাতত হাতে-লোটে আটক হয় লাট মণ্ডল মহিদুল ইছলাম ৷ নিশা কোকৰাঝাৰ সদল থানাত আয়োজিত এখন সংবাদমেলত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুবে কয়, লাট মণ্ডল মহিদুলৰ বিৰুদ্ধে জাতিগত প্ৰমাণ-পত্ৰ দিয়াৰ নামত এজন ব্যক্তিৰ পৰা যোৱা ৮ অক্টোবৰত পাঁচ হেজাৰ টকা উৎকোচ দাবী কৰাৰ বুলি অভিযোগ লাভ কৰে ৷ সেই মৰ্মে কোকৰাঝাৰ আৰক্ষীয়ে ১০ অক্টোবৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে ৷

হাতে-লোটে এগৰাকী লাট মণ্ডলক আটক কোকৰাঝাৰ আৰক্ষীৰ

লগতে পঢ়ক: এই বছৰতে লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হ’ভ MBBS-ৰ পাঠদান

কোকৰাঝাৰ সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগু, কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগতে পৰ্বতঝৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত সাধাৰণ পোচাকত যোৱা আৰক্ষীৰ এটা দলে লাট মণ্ডল গৰাকীক হাতে-লোটে পাঁচ হেজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি লাট মণ্ডল মহিদুলৰ জিম্মাৰ পৰা সুকীয়াকৈ ৪১ হেজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷

মণ্ডল গৰাকীক Prevention of Corruption Act, 1988 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ উল্লেখ্য যে, কাৰ্যালয়টোৰ আৰু কোন কোন বিষয়া-কৰ্মচাৰী উৎকোচ সংগ্ৰহৰ সৈতে জড়িত আছে সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: দুৰ্গোৎসৱত গুৱাহাটীত কোন কোন পথেৰে চলাব পাৰিব বাহন ? চাওক নিৰ্দেশনা সমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.