কোকৰাঝাৰ, 11 জানুৱাৰীঃ কোকৰাঝাৰ জিলা প্ৰশাসনৰ লগতে পৰিবহন বিভাগে আয়োজন কৰা পথ সুৰক্ষা সপ্তাহত অতি আকৰ্ষণীয়ভাৱে অংশগ্ৰহণ কৰে স্থানীয় মহিলাসকলে ৷ দখনা, আৰনাই আৰু হেলমেট পৰিধান কৰি পথ সুৰক্ষা সপ্তাহত অংশগ্ৰহণ কৰে কোকৰাঝাৰৰ মহিলাসকলে ৷
লগতে পঢ়কঃ শিৱসাগৰত আৰম্ভ পথ সুৰক্ষা সপ্তাহ
কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পথ আৰু পৰিবহন বিভাগৰ নিৰ্দেশত অসম চৰকাৰৰ পৰিবহন বিভাগে সমগ্ৰ ৰাজ্যতে আয়োজন কৰিছে 31তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ ৷ কোকৰাঝাৰ জিলাত জিলা পৰিবহন বিষয়াৰ লগতে বিটিচিৰ যুটীয়া সম্পাদক উইলবাৰ্ন নাৰ্জিনাৰীয়ে উদ্বোধন কৰে সজাগতামুলক সমদল ৷ শতাধিক বড়ো মহিলাই পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি হেলমেটসহ ৰাজপথলৈ ওলাই অহাটো এটা গঠনমুলক উদাহৰণ হিচাপে পৰিগনিত হ'ব বুলি মন্তব্য কৰে যান-বাহন বিষয়াই ৷
আজিৰে পৰা আৰম্ভ হোৱা পথ সুৰক্ষা সপ্তাহ সমগ্ৰ ৰাজ্যতে 17 জানুৱাৰীলৈকে অব্যাহত থাকিব ৷