কোকৰাঝাৰ,27 অক্টোবৰঃ কোকৰাঝাৰ চহৰৰ 'টানিয়া ডাঞ্চ একাডেমি'ত শনিবাৰে অনুষ্ঠিত হয় নৃত্য আৰু গীতৰ প্ৰতিযোগিতা ৷ কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰি প্ৰদৰ্শন কৰে নিজৰ প্ৰতিভা ।কোকৰাঝাৰ চহৰৰ এগৰাকী উচ্চ শিক্ষিত নৃত্য শিল্পী টানিয়া চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত অনুষ্ঠিত উক্ত অডিচনত বিচাৰক হিচাপে উপস্থিত থাকে "মিচেছ ইউনিভাৰ্চ লাভলী ২০১৮" খিতাপ বিজয়ী স্মিতা দেৱ ৷
উদ্যোক্তাই সদৰী কৰা মতে ,উক্ত অডিচনত নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি নিৰ্বাচিত হ'ব পৰা প্ৰতিযোগীসকলে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিব । বিচাৰক হিচাপে উপস্থিত থাকি " মিচেছ ইউনিভাৰ্চ লাভলী " স্মিতা দেৱে প্ৰথমতে পোহৰৰ উৎসৱ দীপাৱলীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি দীপাৱলীৰ সময়ত আনন্দ ফূৰ্তি কৰক কিন্তু ফটকা ফুটাই উচ্চ শব্দৰে চৰাই-চিৰিকতি আৰু অন্যান্য প্ৰাণীৰ ব্যাঘাত নজন্মাবৰ আহ্বান জনায় ।