ETV Bharat / state

মাৰাত্মক জুৱাৰ গ্ৰাসত কোকৰাঝাৰ: তৎপৰ উপায়ুক্ত - মাৰাত্মক জুৱাৰ গ্ৰাসত কোকৰাঝাৰ: তৎপৰ উপায়ুক্ত

মেলাক কেন্দ্ৰ কৰি গঢ়লৈ উঠিছে এই অসমাজিক আড্ডা ৷ বড়োলেণ্ড ছাত্ৰ সন্থাৰ উপায়ুক্তক স্মাৰকপত্ৰ ৷ মেলাৰ বিৰূদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ প্ৰতিশ্ৰুতি জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ ৷

মাৰাত্মক জুৱাৰ গ্ৰাসত কোকৰাঝাৰ : তৎপৰ উপায়ুক্ত
author img

By

Published : Oct 21, 2019, 8:02 PM IST

কোকৰাঝাৰ, 21 অক্টোবৰ: কোকৰাঝাৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ,মদ,গাঞ্জা আৰু মাৰাত্মক জুৱা খেলৰ অবাধ প্ৰচলন যাৰ ফলত চহৰখনৰ চাৰিওফালে বিনষ্ট হৈছে সামাজিক পৰিৱেশ ৷ বাৰ মাহত তেৰটা পূজাৰ অজুহাত লৈ গড়কাপ্তানি পথৰ কাষত হওক নাইবা চহৰখনৰ আশে-পাশে থকা খালী ঠাইৰ লগতে জিলাখনৰ ফকিৰগ্ৰাম,চিথিলা,জোগদৈ,কাৰিগাঁও, বিশমুৰী,সেৰফাংগুৰি,দোতমা,ছালাকাটি,কালিপুখুৰী আদি বিভিন্ন অঞ্চলত বহা মেলা সমূহ এতিয়া হৈ পৰিছে এই অসমাজিক কাৰ্যকলাপৰ ঘাটি ৷ পুলিচ প্ৰশাসনৰ আৰ্শীবাদতেই এই মেলাসমূহত এতিয়া মুকলিভাৱে চলিছে চৰকী, লাকী ছেভেন,ঝাণ্ডিমুণ্ডাৰ দৰে জুৱাৰ অবাধ প্ৰচলন ৷ ফলস্বৰূপে এতিয়া বিপাঙত পৰিছে চহৰখনৰ জনসাধাৰণ ৷

বড়োলেণ্ড ছাত্ৰ সন্থাৰ উপায়ুক্তক স্মাৰকপত্ৰ

সোমবাৰে চহৰত বৃদ্ধি পোৱা ব্যাপক অসামাজিক কাৰ্যকলাপবোৰৰ বিৰুদ্ধে বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰি বড়োলেণ্ড ছাত্ৰ সন্থাৰ সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে কোকৰাঝাৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত অস্বভাৱিক হাৰত চলি থকা মেলা সমূহত জুৱা,সুৰা,ড্ৰাগছ আদিৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবী উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰি তোলাত জিলা প্ৰশাসনক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই ৷

ইফালে জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে সংগঠনটোৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি অতি শীঘ্ৰে ইয়াৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইতিমধ্যে কোকৰাঝাৰ প্ৰশাসনে জিলাখনৰ শান্তি সম্প্ৰীতি আৰু আইন শৃংখলা বজাই ৰাখিবৰ বাবে আৰু মেলাৰ পতাৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷

Intro:কোকৰাঝাৰৰ চৌদিশে মেলাৰ নামত জুৱাৰ অবাধ প্ৰচলন : সামাজিক পৰিৱেশ বিনষ্ট ।

[] কোকৰাঝাৰত মেলাৰ অনুমতি নিদিয়াৰ কঠোৰ স্থিতি গ্ৰহণ জিলা উপায়ুক্তৰ
-----------------------------------------------------------------------------------

কালি পূজা সময় চোৱাত মেলা, জুৱাক লৈ কঠোৰ ষ্টীঠি গ্ৰহণ কোকৰাঝাৰ প্ৰশাসনৰ। পূজা সময়চোৱাত মেলা, জুৱা, মদ ইত্যাদি নিষিদ্ধ কৰাৰ সিদ্ধান্ত প্ৰশাসনৰ।
Body:কোকৰাঝাৰ সদৰ চহৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত দিনক দিনে সমাজ বিৰোধী কাৰ্যকলাপৰ লগতে ড্ৰাগছ , মদ , গাঞ্জা , জুৱাৰ অবাধ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰি তুলাটোৱে বিপাংত পৰিছে জনসাধাৰণক।
বাৰ মাহত তেৰটা পূজাৰ অজুহাত লৈ গড়কাপ্তানি পথৰ কাষত হওঁক নতুবা সদৰ চহৰৰ আশে পাশে থকা বিভিন্ন খালী ঠাইকে ধৰি জিলাখনৰ
ফকিৰাগ্ৰাম , চিথিলা , জোগদৈ , কাৰিগাঁও , বিশমুৰী , সেৰফাংগুৰী , দোতমা , ছালাকাটি , কালিপুখৰী , গেন্দ্ৰাবিল , ঢোলমাৰা আদি বিভিন্ন অঞ্চলত পূজাৰ আলম লৈ বহুওৱা মেলাসমুহত মুখ্যত মুকলিভাৱেই চলিছে চৰকী , লাকি ছেভেন, ঝাণ্ডিমুণ্ডা তথা জুৱাৰ অবাধ প্ৰচলন । এনে অসামাজিক কাৰ্যকলাপবোৰৰ বিৰুদ্ধে আজি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউ য়ে জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে, আৰু এই কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে দাবী তোলে ছাত্ৰ সংগঠনতোই।

কোকৰাঝাৰ জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউৰ জিলা সভাপতি দেৰহাছাৎ বসুমতাৰীয়ে কোকৰাঝাৰ চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত হ'কে বিহ'কে চলি থকা মেলাসমুহত জুৱা, সুৰা আদিৰ অবাধ প্ৰচলন বন্ধ কৰাৰ দাবী উত্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ জীৱন সুৰক্ষিত কৰি তোলাত গুৰুত্ব আৰোপ কৰে ।

Conclusion:জিলা উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ ৰে বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি অতিশীঘ্ৰেে পদক্ষেপ গ্ৰহনকৰা বুলি উল্লেখ কৰে। জিলাখনৰ শান্তি সম্প্ৰীতি আৰু আইন শৃংখলাৰ বাবে এনেকৈ কাৰ্যকলাপৰ ওপৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.