ETV Bharat / state

কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

author img

By

Published : Nov 29, 2019, 11:23 PM IST

বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে যৌথভাৱে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীত জব্দ কৰে বৃহৎ পৰিমাণৰ কাঠখিনি ৷

কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ
কোকৰাঝাৰত আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

কোকৰাঝাৰ, 29 নৱেম্বৰ: কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তীৰ উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈ’ৰ দাঁতিত বৃহস্পতিবাৰে নিশা উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে যুটীয়াভাৱে চলোৱা এক অভিযানত প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ শাল আৰু চেগুন কাঠৰ কুন্দা জব্দ কৰিবলৈ সক্ষম হয় ৷

KOKRAJHAR ILLEGAL WOOD SEIZED BY FOREST DEPTT. ASSAM ETV BHARAT NEWS
ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীত জব্দ বৃহৎ পৰিমাণৰ কাঠ

উল্টাপানী বনাঞ্চলৰ ৰেঞ্জাৰ ধীৰেন বসুমতাৰীয়ে সদৰী কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে যৌথভাৱে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈৰ সমীপৰ জংঘলত পৰিত্যক্ত অৱস্থাত শাল আৰু চেগুন কাঠৰ কুন্দাসমূহ জব্দ কৰে ৷ বনবিভাগৰ মতে জব্দ কৰা চোৰাং কাঠখিনিৰ মূল্য প্ৰায় আঢ়ৈ লক্ষাধিক টকা হ'ব বুলি সদৰী কৰে ৷

উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈ’ৰ দাঁতিত উদ্ধাৰ কাঠখিনি

উফালে কচুগাঁৱত বন বিভাগে চলোৱা অভিযানত তিনি লক্ষাধিক টকা মূল্যৰ চোৰাং শাল কাঠ জব্দ কৰে। কচুগাঁও বন সংমণ্ডলৰ ছেনফাং ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত এণ্টিকৰাপশ্যন,গ্ৰীণ কনজাৰভেশ্যন এনজিঅ আৰু ক্ৰাইম ইনভেষ্টিগেশ্যন গোটৰ যৌথ অভিযানত ছেনফাং ৰেঞ্জৰ ব্ৰহ্মপুৰৰ পৰা জব্দ কৰে কাঠ সমূহ। উল্লেখ্য যে,চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি অব্যাহত থকাৰ সমান্তৰালভাৱে বনাঞ্চলৰ মূল্যৱান গছ কাটি এচামে বিনাদ্বিধাই ব্যৱসায় চলাই গৈছে প্ৰতিদিনে ৷ এই ক্ষেত্ৰত বন বিভাগৰ সক্ৰিয়তা দাবী কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃবনৰীয়া ম'হৰ আক্ৰমণত গুৱালৰ মৃত্যু

Intro:৷৷কোকৰাঝাৰত বনবিভাগৰ অভিযানত প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্ধ ৷৷

----------------------------------------------------------------------------------------------

কোকৰাঝাৰ 29 নৱে: কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তীৰ উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈ’ৰ দাতিঁত যোৱা নিশা উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে যুটীয়াভাৱে চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বনাঞ্চলত প্ৰায় আঢ়ৈ লক্ষাধিক টকাৰ শাল আৰু চেগুন কাঠৰ কুঁন্দা জব্ধ কৰাত সক্ষম হৈছে ৷

Body:উল্টাপানী বনাঞ্চলৰ ৰেঞ্জাৰ ধীৰেন বসুমতাৰীয়ে সদৰী কৰা তথ্যত যোৱা কালি নিশা এক গোপন খৱৰত উল্টাপানী ৰেঞ্জৰ বনকৰ্মী আৰু এচ এচ বিৰ জোৱানে যৌথভাৱে চোৰাংকৈ সৰবৰাহ কৰা কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আৰু ভাৰত-ভুটান সীমান্তবৰ্তী উল্টাপানী বনাঞ্চলৰ সৰলপাৰা নৈ’ৰ কাষৰ জংঘলত পৰিত্যক্ত অৱস্হাত শাল আৰু চেগুন কাঠৰ বহু কুন্দা জব্ধ কৰে ৷ বনবিভাগৰ তথ্যত জব্ধ চোৰাং কাঠৰ মূল্য প্ৰায় আঢ়ৈ লক্ষাধিক টকা হৱ বুলি সদৰী কৰে ৷ আনফালে কচুগাঁও বন বিভাগৰ অভিযানত তিনি লক্ষ্যাধিক টকা মূল্যৰ চোৰাং সাল কাঠ জব্দ। কচুগাঁও বন সংমনণ্ডলৰ ছেনফাং ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত এণ্টিকৰাপচন, গ্ৰীন কনজাৰভেচন এনজিঅ আৰু ক্ৰাইম ইনভেষ্টিগেচন গোটৰ যৌথ অভিযানত ছেনফাং ৰেঞ্জৰ ব্ৰহ্মপুৰৰ পৰা জব্দ কৰে এই কাঠ সমূহ।

Conclusion:উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তীৰ উল্টাপানী বনাঞ্চলত দীৰ্ঘ দিনৰ পৰা চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি চলাই নহয় বনাঞ্চলৰ মূল্যবান গছ কাটি এচামে বনধ্বংস কৰাৰ বিপৰীতে আন এচামে বনভূমি বিঘাই বিঘাই বেদখল কৰা পৰিলক্ষিত হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.