ETV Bharat / state

শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ, তৎপৰ কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়া

author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 10:31 AM IST

Kokrajhar voter list : কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ সংবাদমেল । ৮ জানুৱাৰীৰ পূৰ্বে নিজৰ নাম অন্তৰ্ভুক্তি, নাম কৰ্তন আৰু শুধৰণিৰ বাবে আবেদন কৰাৰ আহ্বান কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদী ।

Kokrajhar Election Officer press meet
শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ
শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ

কোকৰাঝাৰ, ২২ ডিচেম্বৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ নিৰ্বাচনী আয়োগে তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে । সেই অনুসৰি কোকৰাঝাৰ জিলা প্ৰশাসনেও ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তিকৰণ, নাম কৰ্তন আৰু শুধৰণিৰ বাবে অহা ৮ জানুৱাৰীৰ পূৰ্বে নিদিষ্ট প্ৰপত্ৰযোগে আবেদন কৰাৰ আহ্বান জনাইছে ৷ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত আয়োজিত এক সংবাদমেলযোগে কোকৰাঝাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে এই আহ্বান জনায় ।

কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ দ্বিৱেদীয়ে কয় যে ভোটাৰ তালিকাত নতুন নাম অন্তৰ্ভুক্তিকৰণ, নাম কৰ্তন আৰু শুধৰণিৰ বাবে কোকৰাঝাৰ জিলা নিৰ্বাচনী কাৰ্যালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । সেই অনুসৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভোটাৰ সহায়তা কেন্দ্ৰ খোলা হৈছে ।

তদুপৰি অহা ২৩ ডিচেম্বৰত ৩ নং কোকৰাঝাৰ (জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ বাণিজ্য মহাবিদ্যালয়ত নতুন নাম পঞ্জীকৰণৰ বাবে বিশেষ সজাগতা অভিযান চলোৱা হ'ব । আনহাতে, অহা ২৪ ডিচেম্বৰত ৪ নং বাওখুংগ্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত নাম অন্তৰ্ভূক্তিকৰণৰ বিশেষ অভিযান চলোৱা হ'ব ৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলাত বৰ্তমানলৈকে ফৰ্ম ৬ যোগে ২৮৬৩ গৰাকীয়ে, ফৰ্ম ৭ যোগে ২৯৯৯ গৰাকীয়ে আৰু ফৰ্ম ৮ যোগে ১৪১৫ গৰাকীয়ে অৰ্থাৎ সৰ্বমুঠ ৭২৭৭ জনৰ পৰা আবেদন লাভ কৰা হৈছে । সংবাদমেলত অফলাইনযোগেও অথবা বিএলঅ’ৰ হাতত ফৰ্ম জমা দিব পাৰিব বুলি সংবাদমেলত সদৰী কৰিছে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ।

প্ৰণিধানযোগ্য যে, খচৰা ভোটাৰ তালিকা অনুসৰি দুই নং দোতমা (জনজাতি ) বিধানসভা সমষ্টিত ১৪২ টা ভোট কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,০৫,৬৪৯ জন ৷ ইয়াৰে ৫৩১২৫ গৰাকী পুৰুষ ভোটাৰ আৰু ৫২৫২৪ গৰাকী মহিলা ভোটাৰ ।

তিনি নং কোকৰাঝাৰ ( জনজাতি) বিধান সভা সমষ্টিত ১৭৯ টা ভোট কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৪০,৫৭৮ জন । ইয়াৰে ৬৯,০৭৩ গৰাকী পুৰুষ ভোটাৰ আৰু ৭১,৫০৫ গৰাকী মহিলা ভোটাৰ ৷ আনহাতে চাৰি নং বাওঁখুংগ্ৰী বিধান সভা সমষ্টিত ২১০ টা ভোট কেন্দ্ৰৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৬২,১০৯ ৷

ইয়াৰে ৮১,৩০২ গৰাকী পুৰুষ আৰু ৮০,৮০৭ গৰাকী মহিলা । উল্লেখ্য যে, সংবাদমেলত নিৰ্বাচনী বিষয়া কেশৱানন্দ টায়েও উপস্থিত আছিল ।

লগতে পঢ়ক : GMC ত এটা ভূত আছে, এই ভূতে কাম সম্পূৰ্ণ হ’বলৈ নিদিয়ে : অশোক সিংহল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.