ETV Bharat / state

কোকৰাঝাৰৰ 4 টা স্থানত দেৱীৰ প্ৰতিমা বিসৰ্জন - প্ৰতিমাৰ বিসৰ্জন প্ৰক্ৰিয়া

কোকৰাঝাৰ জিলা প্ৰশাসনে বান্ধি দিয়া ক‘ভিড প্ৰট‘কলৰ নিয়ম অনুসৰি জিলাত প্ৰশাসনে চাৰিটা প্ৰতিমা বিসৰ্জনৰ স্থান হিচাপে নিৰ্ধাৰণ কৰিছে ৷ জিলাখনৰ গৌৰাং নৈ ঘাট,চম্পাৱতী ঘাট, ছেৰফাংগুৰি,সংকোচ ইত্যাদিত চৰকাৰে বান্ধি দিয়া নিয়ম অনুসাৰে অব্যাহত আছে বিসৰ্জন প্ৰক্ৰিয়া ৷

kokrajhar-durga-dev-iimmursion
কোকৰাঝাৰৰ 4 টা স্থানত দেৱীৰ প্ৰতিমা বিসৰ্জন
author img

By

Published : Oct 26, 2020, 8:37 PM IST

কোকৰাঝাৰ, 26 অক্টোবৰ: অশুভ শক্তিৰ প্ৰতীক মহিষাসুৰক বধ কৰি আজি দেৱী দুৰ্গা উভতিল। পূৰ্বৰ দৰে আনন্দ-উছাহ নাথাকিলেও পৰম্পৰাগত নীতি-নিয়মৰ মাজৰে কোকৰাঝাৰতো সম্পন্ন কৰা হৈছে দেৱীৰ প্ৰতিমা বিসৰ্জন কাৰ্যসূচী। অশ্ৰুসিক্ত নয়নেৰে দুৰ্গতিনাশিনীক বিদায় দিলে ভক্তই।

কোকৰাঝাৰৰ 4 টা স্থানত দেৱীৰ প্ৰতিমা বিসৰ্জন

কোকৰাঝাৰ জিলা প্ৰশাসনে বান্ধি দিয়া ক‘ভিড প্ৰট‘কলৰ নিয়ম অনুসৰি জিলাত প্ৰশাসনে চাৰিটা প্ৰতিমা বিসৰ্জনৰ স্থান হিচাপে নিৰ্ধাৰণ কৰিছে ৷ জিলাখনৰ গৌৰাং নৈ ঘাট,চম্পাৱতী ঘাট, ছেৰফাংগুৰি, সংকোচ ইত্যাদিত চৰকাৰে বান্ধি দিয়া নিয়ম অনুসাৰে অব্যাহত আছে বিসৰ্জন প্ৰক্ৰিয়া ৷ সমগ্ৰ জিলাত মুঠ ১৭৩ টা দুর্গাৰ প্ৰতিমাক এই ঠাইসুমহত বিসৰ্জন দিয়া হব, তাৰে কোকৰাঝাৰ চহৰৰ মুঠ ৫৮ টা প্ৰতিমাৰ বিসৰ্জন প্ৰক্ৰিয়া গৌৰাং নৈৰ ঘাটত চলি আছে ৷ চৰকাৰে বান্ধি দিয়া ক‘ভিড প্ৰট‘কলৰ মতে পূজা অনুষ্ঠিত হৈ যায় বুলি উল্লেখ কৰে জিলা উপায়ুক্ত ভাস্কৰ ফুকনে ৷

লগতে পঢ়ক: শিৱসাগৰৰ দিখৌ নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.