ETV Bharat / state

বিজেপিয়ে জনজাতীয় লোকৰ ৰাজনৈতিক অধিকাৰ ধ্বংস কৰি আহিছে: অজাপ

author img

By

Published : Jul 17, 2022, 6:43 PM IST

অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কোকৰাঝাৰ জিলা অভিৱৰ্তন দেওবাৰে কোকৰাঝাৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় (Kokrajhar District Convention of AGP held in kokrajha) ৷

kokrajhar-district-convention-of-ajycp-held-in-kokrajha
বিজেপি দলে জনজাতীয় লোক সকলৰ ৰাজনৈতিক অধিকাৰ ধ্বংস কৰি আহিছে: কাষ্টম বসুমতাৰী

কোকৰাঝাৰ, ১৭ জুলাই : অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ কোকৰাঝাৰ জিলা অভিৱৰ্তন দেওবাৰে কোকৰাঝাৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় (Kokrajhar District Convention of AJP) ৷ জাতীয় যুৱ শক্তিৰ কোকৰাঝাৰ জিলা সমিতি গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত এই অভিৱৰ্তনত অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ, সম্পাদক ৰাজু ফুকন, যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী, জাতীয় পৰিষদৰ সংখ্যালঘু শক্তিৰ সভাপতি জিয়াবুৰ ৰহমান খান উপস্থিত থাকে ৷

জাতীয় যুৱ শক্তিৰ কেন্দ্ৰীয় উপ-সভাপতি দ্বীপেন তালুকদাৰ আৰু সম্পাদক বেদান্ত ভৌমিককে ধৰি কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত থাকে এই অভিৱৰ্তনত ৷ ইপিনে অভিৱৰ্তনত অংশগ্ৰহণ কৰা অজাপৰ যুটিয়া সম্পাদক কাষ্টম বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিয়ে সৰু সুৰা আঞ্চলিক দলবোৰক গ্ৰাস কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

বিজেপিয়ে যিধৰণে শিৱসেনাকে ধৰি আন আন আঞ্চলিক দলবোৰক ক্ৰমান্বয়ে গ্ৰাস কৰি আহিছে তাৰ প্ৰতি লক্ষ্য ৰাখি বড়োভূমিৰ আঞ্চলিক দল ইউপিপিএল আৰু বিপিএফৰ যাতে এনে অৱস্থা নহয় তাৰ বাবে দুয়োটা আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃবৰ্গক সাজু আৰু সজাগ হবলৈ আহ্বান জনায় অজাপৰ যুটীয়া সম্পাদক গৰাকীয়ে ৷

আঞ্চলিকতাবাদী দলেহে আঞ্চলিকৰ সমস্যা উপলব্ধি কৰিব পাৰে বুলি মন্তব্য কৰি কাষ্টম বসুমতাৰীয়ে কয় যে অসমত বসবাস কৰা জনজাতীয় লোক সকলৰ ৰাজনৈতিক অধিকাৰ ধ্বংস কৰি আছে ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি দলে ৷ দিল্লীৰ নিৰ্দেশত অসমত চৰকাৰ চলোৱা বিজেপিয়ে ৰাজ্যত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক নিজৰ মতে চলিব দিয়া নাই ৷

লগতে বিটিআৰত প্ৰমোদ বড়োৱে স্বতন্ত্ৰভাৱে তথা নিজৰ ইচ্ছামতে কাম কৰিব পৰা নাই আৰু বিজেপিৰ হেঁচা তথা চাপতহে প্ৰমোদ বড়োৱে কাম কৰিবলগীয়া হৈছে বুলি কাষ্টম বসুমতাৰীয়ে বুলি ব্যক্ত কৰে ৷ উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ ভ্ৰাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ আজি অনুষ্ঠিত প্ৰথমখন কোকৰাঝাৰ জিলা অভিৱৰ্তনত নামনি অসমৰ পাঁচটা জ’নৰ বঙাইগাঁও, ধুবুৰী, অভয়াপুৰী, কোকৰাঝাৰ আৰু দক্ষিণ শালমাৰাৰ কেবা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

এই অভিৱৰ্তনৰ জৰিয়তে জাতীয় যুৱ শক্তিৰ কোকৰাঝাৰ জিলাৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Load shedding in Assam: শক্তিমন্ত্ৰীয়ে ক’লে, ১০-১৫ দিনৰ ভিতৰত দূৰ হ’ব লোড শ্বেডিঙৰ সমস্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.