ETV Bharat / state

গৌৰাং নদীত ছাত্ৰৰ সলিল সমাধি - গৌৰাং নদীত উদ্ধাৰ মৃতদেহ

সমনীয়াৰ স'তে গা ধুবলৈ গৈ সলিল সমাধি এজন ছাত্ৰৰ ৷ কোকৰাঝাৰৰ বেবীলেণ্ড হাইস্কুলত অধ্যয়নৰত আছিল ছাত্ৰজন ৷

গৌৰাং নদীত উদ্ধাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ নিথৰ দেহ
author img

By

Published : Nov 15, 2019, 8:00 PM IST

কোকৰাঝাৰ, 15 নৱেম্বৰ: শিশু দিৱস উদযাপন কৰি সমনীয়াৰ স'তে গৌৰাং নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন ছাত্ৰ ৷ আজি এচডিআৰএফ বাহিনীৰ অভিযানত বেবীলেণ্ড হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শান্তনু ৰাভা (12)ৰ নিথৰ দেহ উদ্ধাৰ হয় ৷

ছাত্ৰজন আছিল গোৱালপাৰা জিলা নিৱাসী চাৰুমোহন ৰাভা আৰু কোকিলা ৰাভাৰ সন্তান ৷ ছাত্ৰজনে কোকৰাঝাৰস্থিত ককায়েকৰ ঘৰত থাকি বেবীলেণ্ড হাইস্কুলত অধ্যয়ন কৰিছিল ৷

গৌৰাং নদীত গা ধুবলৈ গৈ সলিল সমাধি
বেবীলেণ্ড হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শান্তনু ৰাভা

সমনীয়াৰ স'তে গা ধুই থকা অৱস্থাত ছাত্ৰজন পানীত ডুব গৈ সন্ধানহীন হৈ পৰে । সমনীয়াসকল ঘূৰি আহি সমগ্ৰ ঘটনা অভিভাৱকক অৱগত কৰে ৷ বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক জনোৱাৰ পিচত কালিৰে পৰা এচডিআৰএফ বাহিনীৰ নিৰৱচ্ছিন্ন অভিযানত আজি পুৱা 10:10 বজাত ছাত্ৰজনৰ নিথৰ দেহ উদ্ধাৰ হয় ।

কোকৰাঝাৰত শোকাৱহ ঘটনা ৷ গৌৰাং নদীত উদ্ধাৰ ছাত্ৰৰ নিথৰ দেহ

মেধাৱী ছাত্ৰ শান্তনু ৰাভাৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে বেবীলেণ্ড হাইস্কুলত ৷

লগতে পঢ়ক: ৰাজ্যজুৰি উদযাপন মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন

Intro:কোকৰাঝাৰত গৌৰাং নদীত ডুবি ছাত্ৰৰ মৃত্যু ।
এচডিআৰএফে উদ্ধাৰ কৰিলে মৃতদেহ ।
বেবীলেণ্ড বিদ্যালয়ত শোকৰ ছা ।

কোকৰাঝাৰ/ ১৫ নৱেম্বৰ :- বিদ্যালয়ত শিশু দিৱস উদযাপন কৰাৰ পিছত সমনীয়াৰ সতে গৌৰাং নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কোকৰাঝাৰ বেবীলেণ্ড হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শান্তনু ৰাভা(১২)ৰ নিথৰ দেহ আজি এচডিআৰএফে অভিযান চলাই গৌৰাং নদীৰ পানী যুৱলীৰ পৰা উদ্ধাৰ কৰে ।
Body:উল্লেখ্য যে গোৱালপাৰা জিলা নিৱাসী চাৰুমোহন ৰাভা আৰু কোকিলা ৰাভাৰ সন্তান শান্তনু ৰাভাই কোকৰাঝাৰস্থিত ককায়েকৰ ঘৰত থাকি বেবীলেণ্ড হাইস্কুলত অধ্যায়ন কৰি আছিল । বৃহস্পতিবাৰৰ দিনা শিশু দিৱস উপলক্ষে শান্তনু ৰাভাই বিদ্যালয়ত আন সমনীয়াৰ সতে শিশু দিৱস উদযাপন কৰি সমনীয়াৰ সতে গা ধুবলৈ গৌৰাং নদীলৈ যায় । সমনীয়াৰ সতে গা ধুই থাকোতেই শান্তনু ৰাভা পানীত ডুব যায় আৰু সন্ধানহীন হৈ পৰে । পিছত সমনীয়াসকলে ঘূৰি আহি অভিভাৱকক জনোৱাত অভিভাৱকসকলে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে আৰু বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰে । কালিৰে পৰা এচডিআৰএফ বাহিনীয়ে নিৰবচ্ছিন্ন অভিযান চলাই আজি ৰাতিপুৱা ১০:১০ মিনিটত শান্তনু ৰাভাৰ নিথৰ দেহ গৌৰাং নদীৰ পানী যুৱলীৰ পৰা উদ্ধাৰ কৰে । Conclusion:মেধাৱী ছাত্ৰ শান্তনু ৰাভাৰ অকাল মৃত্যুত বেবীলেণ্ড হাইস্কুলত শোকৰ ছা পৰিছে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.