কোকৰাঝাৰ, ২৯জুন ঃ ৰাজ্যত কৰ’ণা ভাইৰাছৰ গণসংক্ৰমণে নিদ্ৰাহৰণ কৰি থকাৰ সময়তে বিটিচিত ৰাজনৈতিক দলৰ মাজত চলিছে শক্তি প্ৰদৰ্শনৰ শীতল যুঁজ ৷ কোকৰাঝাৰ চহৰৰ আৰনায় ৰেষ্টুৰেণ্টত সোমবাৰে বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত ইউপিপিএল আৰু বিজেপি যুৱ মৰ্চাৰ আঢ়ৈ শতাধিক কৰ্মীয়ে দলে-বলে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ৷
লগতে পঢ়কঃ সলনি হ’ল ৰাজ্যৰ শিক্ষাবৰ্ষ
বিপিএফত যোগদান কৰা প্ৰতিজনকে একোখন আৰঁনায়ৰে আদৰণি জনাই হাগ্ৰামা মহিলাৰীয়ে ৷ লগতে ভাষণ প্ৰসংগত মহিলাৰীয়ে এইবেলি বিটিচিত বিপিএফ দলে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ৷ লগতে বিটিচিৰ মাজবাটৰ পৰা শ্ৰীৰামপুৰলৈ বিপিএফ দলে প্ৰায় ২৫খন আসন পাব বুলি দাবী কৰে মহিলাৰীয়ে ৷
এইক্ষেত্ৰত বড়ো ভোটাৰেও বিপিএফক ৫০ শতাংশতকৈ অধিক ভোট দিব বুলিও কয় হাগ্ৰামা মহিলাৰীয়ে ৷ সোমবাৰৰ এই যোগদান সমাৰোহৰ বিটিআৰ চুক্তিক "জিৰ" বুলি উপলুঙা কৰে মহিলাৰীয়ে ৷